১০০ কোটিটকীয়া প্ৰাসাদোপম অট্টালিকা, কোটি কোটিৰ গাড়ী : আল্লু অৰ্জুনৰ সম্পত্তিৰ পৰিমাণ কিমান জানেনে?
২১ বছৰ ধৰি দক্ষিণ ভাৰতৰ চিনেমাত অভিনয় কৰি আহিছে আল্লু অৰ্জুনে। ইখনৰ পিছত সিখনকৈ ব্লকবাষ্টাৰ ছবিৰে চিনেমা জগতখনক শাসন কৰি আছে আল্লুৱে।
ইমান জনপ্ৰিয়, আৰু অনেক ছুপাৰহিট চিনেমাত কাম কৰা আল্লু অৰ্জুনৰ সম্পত্তিৰ পৰিমাণ কিমান জানেনে?
আল্লু অৰ্জুনে যিটো ঘৰত বাস কৰে সেই ঘৰটোৰ মূল্য ১০০ কোটি টকা। হায়দৰাবাদ স্থিত এই ঘৰটোৰ নাম ‘আশীৰ্বাদ’। পত্নী আৰু দুটা সন্তানৰ সৈতে তেওঁ তাতেই থাকে।
আল্লু অৰ্জুনৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৪৬০ কোটি টকা। তেওঁৰ হাতত আছে ৭ কোটি টকাৰ ভেনিটি ভ্যান। যাৰ কিছু ছবি আল্লুৱে নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত দিছিল। ভেনিটিৰ ভিতৰৰ আভাস দেখি অনুৰাগীসকল স্তম্ভিত হৈ পৰে। ভেনিটি ভ্যানখনৰ ৰং সম্পূৰ্ণ ক’লা আৰু তাত ডাবল এ লিখা আছে।
আগতে তেওঁ প্ৰতিখন চিনেমাৰ বাবে ৬৫ কোটি টকা লৈছিল। কেৱল সেয়াই নহয়, চিনেমাখনৰ ব্যৱসায়িক লাভৰ কিছু অংশও তেওঁ লাভ কৰিছিল। কিন্তু পুষ্পাৰ আকাশলংঘী সফলতাৰ পিছত অভিনেতাগৰাকীৰ পাৰিশ্ৰমিক কেইবাগুণো বৃদ্ধি পালে। শুনা যায় যে অভিনেতাগৰাকীৰ পাৰিশ্ৰমিক এতিয়া ১০০ কোটি টকা।
তেওঁৰ এটা প্ৰডাকচন হাউচ আৰু মাল্টিপ্লেক্স আছে। তেওঁৰ ৰেষ্টুৰেণ্টৰ ফ্ৰেঞ্চাইজিও আছে।