বাংলাদেশৰ হিংসাৰ পাছত ১০০জন ভাৰতীয় আৰু বিদেশী শিক্ষাৰ্থীৰ ত্ৰিপুৰাত সুৰক্ষিতভাৱে প্ৰৱেশ

বাংলাদেশত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পাছত বাংলাদেশৰ পৰা বিভিন্ন চেক পোষ্টৰ জৰিয়তে প্ৰায় ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ত্ৰিপুৰাত প্ৰৱেশ কৰে।

বাংলাদেশৰ সৈতে ৮৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰা ত্ৰিপুৰাত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ আগমন ঘটিছে।

সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ মতে, বাংলাদেশৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ লগে লগে ত্ৰিপুৰা সীমান্তৰ বিভিন্ন আইচিপিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল ভাৰতলৈ উভতি আহিছে।

বি এছ এফৰ এগৰাকী বিষয়াই কয় যে, ‘বাংলাদেশত অধ্যয়ন কৰা ভাৰতীয় আৰু বিদেশী ছাত্ৰ-ছাত্ৰীসকল ভাৰতলৈ উভতি আহিছে কাৰণ আন্দোলন হিংসাত্মক ৰূপত পৰিণত হৈছে। আজি বিয়লি ৪ বজালৈকে নেপালৰ কিছুমানকে ধৰি প্ৰায় ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বৈধ নথি-পত্ৰ ব্যৱহাৰ কৰি উভতি আহিছে। শীঘ্ৰে আৰু অধিক অহাৰ সম্ভাৱনা আছে।’