• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় নাগৰিকত্ব প্ৰমান কৰিবলৈ সংগ্ৰাম কৰি অৱশেষত মৃত্যুক সাৱটিলে অসমৰ ১০৪বছৰীয়া বৃদ্ধই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 15, 2020 10:09 am

2 min read

ChandradharDas

চন্দ্ৰধৰ দাস।

260
VIEWS
Share on FacebookShare on Twitter

দুবছৰতকৈয়ো অধিক সময় নিজৰ ভাৰতীয় নাগৰিকত্ব প্ৰমান কৰিবলৈ সংগ্ৰাম কৰি থকা অসমৰ কাছাৰ জিলাৰ ১০৪বছৰীয়া ব্যক্তিগৰাকীৰ মৃত্যু ঘটিল।

বাংলাদেশৰ পৰা অহা এগৰাকী বিদেশী বুলি ঘোষণা হোৱাৰ পাছত ২০১৮চনত আটক হোৱা চন্দ্ৰধৰ দাসৰ দেওবাৰে কাছাৰ জিলাৰ আম্ৰাঘাটৰ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে।

দাসৰ কন্যা নিয়তিয়ে কয় যে তেওঁ দীৰ্গদিন ধৰি অসুস্থ আছিল আৰু কেইমাহ ধৰি ভালদৰে খাব পৰা নাছিল।

‘’দেওবাৰে নিশা ১০-৩০ বজাত তেওঁৰ মৃত্যু হয়,’’-নিয়তিয়ে কয়।

শতবৰ্ষীয় ব্যক্তিগৰাকীৰ এটাই মাত্ৰ ইচ্ছা আছিল তেওঁ এগৰাকী ভাৰতীয় নাগৰিক হিচাপে শেষ নিশ্বাস ত্যাগ কৰিব বিচাৰিছিল।

দাসক ২০১৮ৰ জানুৱাৰিত শিলচৰৰ বিদেশী ন্যায়াধীকৰণে এগৰাকী বিদেশী বুলি ঘোষণা কৰিছিল আৰু তাৰপাছতেই শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।

‘’দাসে ন্যায়াধীকৰণৰ আগত উপস্থিত হ’ব নোৱাৰাৰ বাবে এয়া আছিল একপক্ষীয় ৰায়,’’-দাসৰ অধিবক্তা সুমন চৌধুৰীয়ে কয়।

কাৰাগাৰত থকা সময়ত দাসৰ স্বাস্থ্য ভাল নাছিল, দুৰ্বল আছিল আৰু কোনোমতেহে খোজকাঢ়িব পাৰিছিল।

তেওঁৰ স্বাস্থ্যৰ অৱনতি গটিবলৈ আৰম্ভ কৰাৰ পাছত তেওঁক মানৱীয়তাৰ ভিত্তিত তিনিমাহৰ বাবে জামিনত মুকলি কৰি দিয়া হৈছিল।

অধিবক্তা চৌধুৰীয়ে জানিবলৈ দিয়া মতে,  বিদেশী ন্যায়াধীকৰণে পূৰ্বৰ একপক্ষীয়া ৰায়ক একাষৰীয়া কৰি ৰাখি দাসক জামিনত মুকলি দিছিল আৰু গোচৰটো নতুনকৈ পৰীক্ষা কৰিব দিছিল।

অধিবক্তা চৌধুৰীয়ে কয় যে দাসৰ নাগৰিকত্বৰ দাবীৰ ভিত্তি আছিল ১৯৬৬চনত ত্ৰিপুৰাৰ আগৰতলাত লাভ কৰা এখন এগৰাকী শৰণাৰ্থী পঞ্জীয়ন প্ৰমানপত্ৰ য’ত উল্লেখ থকা মতে তেওঁৰ জন্ম হৈছিল পূব পাকিস্তানৰ কুমিল্লাত।

‘’এই নথি ত্ৰিপুৰাৰ কৰ্তৃপক্ষৰ দ্বাৰা পৰীক্ষণ কৰিবলৈ এতিয়াও বাকী আছিল যাৰ বাবে তেওঁৰ গোচৰটো পৰি আছিল,’’- চৌধুৰীৰ উদ্ধৃতিৰে এই কথা প্ৰকাশ কৰিছে ‘ইষ্ট ম’জো’ৱে।

২০১৯ৰ ডিচেম্বৰত সংসদত নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পাছত পৰিয়ালে আশা কৰিছিল যে অৱশেষত দাসে তেওঁৰ ভাৰতীয় নাগৰিকত্ব লাভ কৰিব।

‘’মোৰ দেউতাৰ একমাত্ৰ ইচ্ছা আছিল যে তেওঁ এগৰাকী ভাৰতীয় হিচাপে মৰিবলৈ বিচাৰিছিল। কিন্তু সেয়া হৈ নুঠিল। দেওবাৰে নিশা আম্ৰাঘাটৰ আমাৰ ঘৰত তেওঁৰ মৃত্যু হয়,’’-কন্যা নিয়তি দাসে কয়।

Recent News

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd