৫৭৮গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰে সৈতে অসমত শনিবাৰে সক্ৰিয় ৰোগীতকৈ আৰোগীৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে।
শনিবাৰৰ দিনটোতে অসমত ক’ভিড আৰোগীৰ সংখ্যাই দহ হাজাৰৰ সীমা অতিক্ৰম কৰিছে।
অসমত বৰ্তমান ৫০৭২গৰাকী সক্ৰিয় ৰোগীৰ বিপৰীতে আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা হৈছে ১০,৪২৬গৰাকী।
নতুনকৈ আৰোগ্য লাভ কৰা সকলোকে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।
? Discharge Alert
5⃣7⃣8⃣ patients go home today. The discharged number doubles that of active cases, and that’s a good news in a time like this.
Stay fit & healthy.
?Total Discharged Patients: 10426
?Active Patients: 50729:55 PM/July 11/Day’s total 578#AssamCovidCount pic.twitter.com/4XpcdpQCYI
— Himanta Biswa Sarma (@himantabiswa) July 11, 2020
অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত ১৫,৫৩৬গৰাকী।
ইয়াৰে ৩৫গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।