১০৬০গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰে সৈতে অসমত মুঠ আৰোগ্যৰ সংখ্যাই শনিবাৰে পোন্ধৰ হাজাৰৰ সীমা অতিক্ৰম কৰিছে।
শনিবাৰে চিকিৎসালয়ৰ পৰা মুকলি কৰাসকলক ধৰি অসমত মুঠ ক’ভিড আৰোগ্যৰ সংখ্যা হৈছে ১৫,১৬৫গৰাকী।
অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৬৬৪৩গৰাকী।
ইফালে শনিবাৰে অসমত দুগৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।
এই দুজনক ধৰি অসমত ক’ভিডত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫৩লৈ বৃদ্ধি পাইছে।
? Discharge Alert
In a loud testimony to sterling job by our medical care teams, pleased to share that 1⃣0⃣6⃣0⃣ patients have been discharged today ✨
Well done.
?Total Discharged Patients – 15165
?Active Patients – 66439:30 PM/July 18/Day’s total 1060#AssamCovidCount pic.twitter.com/D0ol5MCXbq
— Himanta Biswa Sarma (@himantabiswa) July 18, 2020
শনিবাৰে মৃত্যু সাৱটা লোক দুজন হ’ল কামৰূপ মহানগৰ জিলাৰ বিনন্দি ৰাম কলিতা (৬১) আৰু যোৰহাটৰ সুশীল শ্যামল (৬২)।
অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত ২১,৮৬৪গৰাকী।
ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।