NORTHEAST NOW (Assamese)

যোৱা ৬ বছৰত ১১৯ গৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে বাচি ল’লে চৰম সিদ্ধান্ত : পৰিসংখ্যাই দাঙি ধৰিছে ভয়াৱহ ছবি

April 2, 2025 12:30 pm · এন ই নাও নিউজ, গুৱাহাটী

যোৱা ১৫ জুনৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হৈছিল চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষা (NEET PG)। তাৰ ঠিক আগতেই ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে স্নাতক আৰু স্নাতকোত্তৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ বিষয়ে চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰে।

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি চিকিৎসা বিজ্ঞানৰ বহু ছাত্ৰ-ছাত্ৰীয়ে তীব্ৰ প্ৰতিযোগিতা, শাৰীৰিক আৰু মানসিক চাপ চম্ভালিব নোৱাৰে। যাৰ বাবে একাংশ ছাত্ৰ-ছাত্ৰীয়ে পঢ়া আধাতে সামৰে আৰু কিছুসংখ্যকে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত লয়।

উল্লেখ্য যে চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলে একেৰাহে ৩৬ৰ পৰা ৪২ ঘণ্টা ডিউটি কৰিব লাগে। তাৰ পিছত আকৌ শ্ৰেণীৰ সমূহত অৱত্তীৰ্ণ হ’ব লাগে।

সম্ভাৱ্য চিকিৎসকৰ এক বৃহৎ অংশই এই চাপ চম্ভালিব নোৱাৰে। একাংশ লোকে মাজভাগত ড্ৰপ আউট কৰিবলৈ বাধ্য হয়। আন একাংশই আত্মহত্যাৰ পথ বাচি লয়। এই তথ্য প্ৰকাশ কৰিছে দেশৰ চিকিৎসা শিক্ষাৰ সৰ্বোচ্চ সংস্থা ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে।

ডাঃ বিবেক পাণ্ডে নামৰ এজন স্বাস্থ্য বিশেষজ্ঞই ভৱিষ্যতে দেশৰ স্বাস্থ্যসেৱাৰ দায়িত্ব ল’ব পৰা সকলৰ মানসিক স্বাস্থ্য কিমান ভাল সেই কথা জানিব বিচাৰি আৰ টি আই দাখিল কৰিছে। বিবেকৰ প্ৰশ্নৰ উত্তৰ এন এম চিয়ে তেওঁলোকৰ ৱেবছাইটত পোষ্ট কৰিছে।

খবৰ অনুসৰি ২০১৮ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ১১৬৬ জন লোকে মেডিকেল কলেজ এৰিছে। ইয়াৰে ১৬০ জন লোকে স্নাতক পৰ্যায়ত পঢ়া বন্ধ কৰি দিছে।

উদাহৰণস্বৰূপে, প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ পৰা ১০৩ গৰাকী, সাধাৰণ অস্ত্ৰোপচাৰ বিভাগৰ পৰা ১১৪ গৰাকী আৰু ই এন টি বিভাগৰ পৰা ১০০ জন পঢ়া বাদ দিছে।

উল্লেখ্য যে যোৱা ৬ বছৰত দেশত মুঠ ১১৯ গৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে আত্মহত্যা। এন এম চিৰ তথ্য অনুসৰি ইয়াৰে ৬৪ গৰাকীয়ে স্নাতক ডিগ্ৰী লাভ কৰাৰ সময়ত এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ৫৫ গৰাকীয়ে এম ডি বা এম এছ অধ্যয়ন কৰি আছিল। এই তথ্য প্ৰকাশ কৰি ৰাষ্ট্ৰীয় চিকিৎসা পৰিষদে কয় যে দেশৰ ৫১২খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এই তথ্য সংগ্ৰহ কৰি প্ৰকাশ কৰা হৈছে। কোৱা হৈছে যে চিকিৎসা বিজ্ঞান পঢ়াৰ তীব্ৰ চাপ বহুতে চম্ভালিব নোৱাৰে।

Related News