• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

উমৈহতীয়া প্ৰচেষ্টাৰে ৰজ্যখনক পৰিৱৰ্তনৰ পথত আগুৱাই নিয়াৰ আশ্বাস মেঘালয়ৰ  নতুন মুখ্যন্ত্ৰীৰ

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , March 7, 2018 1:26 pm

3 min read

conrad-sangma
75
VIEWS
Share on FacebookShare on Twitter

কনৰাড চাংমাই মেঘালয়ৰ নতুন মুখ্য মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত চৰকাৰ গঠনত সহযোগিতা কৰা সকলো ৰাজনৈতিক দল আৰু বিৰোধী দলৰ ৰাজনৈতিক মতাদৰ্শ আৰু বিষয়সূচীৰ সৈতে সংগতি ৰাখি এটি ‘নিম্নতম উমৈহতীয়া কাৰ্যসূচী’ত উপনীত হোৱাৰ প্ৰতিশ্ৰুতি দিছে।  বহুদলীয় মৰ্চাৰ দ্বাৰা গঠিত চৰকাৰখনৰ সমুখলৈ আহিব পৰা সকলো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰখনত সহযোগ কৰা সকলোৰে সৈতে এটি দলীয় মনোভাৱেৰে কাম কৰি যোৱাৰ আশ্বাস দিছে।

উল্লেখযোগ্য যে পাঁচটা ৰাজনৈতিক দলৰ দ্বাৰা গঠিত মেঘালয় ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰৰ মুখ্য মন্ত্ৰী  হিচাপে কনৰাড কে চাংমা নিৰ্বাচিত হৈছে।

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত চাংমাই প্ৰকাশ কৰিছে যে বিভিন্ন ৰাজনৈতিক দল আৰু বিধায়িনী দলৰ বিধায়ক প্ৰতিনিধিৰে এখন কমিটী গঠন কৰি নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক দলে তুলি ধৰা বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব।

মিত্ৰজোঁটৰ সকলো দলকে আৰু জনসাধাৰণক মিত্ৰজোঁটৰ ওপৰত আস্থাশীল হৈ চৰকাৰ গঠন কৰাৰ সুযোগ দিয়াৰ বাবে সকলোকে ধন্যবাদ দি তেওঁ কয় ‘আমি যিমান সম্ভৱ সকলো ৰাজনৈতিক দলৰে ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ এটা ‘নিম্নতম উমৈহতীয়া কাৰ্যসূচী’ত উপনীত হ’বলৈ এখন কমিটী গঠন কৰিম ।‘

মুখ্য মন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰি কয় যে এখন মিত্ৰজোঁটৰ চৰকাৰ চলোৱাটো সহজ কথা নহয়। আনহাতে তেওঁ কয় যে সিদ্ধান্ত গ্ৰহণৰ বেলিকা সকলো দলকেই সমান বুলি বিবেচনা কৰা হ’ব।

মিত্ৰজোঁটৰ মাজত সকলো প্ৰকাৰৰ মতাদৰ্শৰ পাৰ্থক্য আৰু তাৰ পৰা হ’ব পৰা প্ৰত্যাহ্বান সমূহৰ স্বীকাৰ কৰিও মুখ্যমন্ত্ৰী চাংমাই কয়, ‘আমি সেই সকলো প্ৰত্যাহ্বান আৰু মতাদৰ্শৰ পাৰ্থক্যক অতিক্ৰম কৰি এখন শক্তিশালী চৰকাৰ গঠন কৰি ৰাজ্যখনক বিকাশৰ দিশত আগুৱাই যাম।‘

পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্যকুশলতা সম্পৰ্কে সাংবাদিকে সোধা এটি প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী চাংমাই কয়, ‘আমি কাৰোবাক দোষ দিয়াৰ কাৰণে নহয়, সমস্যাৰ সমাধান কৰাৰ বাবেহে  আগ্ৰহী।‘ ‘সঠিক দিশত পৰিৱৰ্তন এবাৰতেই লৈ অহাটো  সহজ কাম নহয়’ বুলি স্বীকাৰ কৰি কয় যে এই চৰকাৰখন ৰাইজৰ ওচৰত দায়বদ্ধ। চৰকাৰখনে দায়িত্বশীলতাৰে আগবাঢ়ি গৈ সমস্যাসমূহৰ সমাধান কৰিব বুলি কয় মুখ্য মন্ত্ৰী চাংমাই। ভাল সদস্যৰে গঠিত তেওঁৰ চৰকাৰখনত সুস্থিৰতা থকিব বুলি মুখ্য মন্ত্ৰী চাংমা আশাবাদী।

আনহাতে ৰাজ্যখনৰ বিত্তীয় অৱস্থা সুচল নহয় বুলি  মুখ্য মন্ত্ৰী চাংমাই স্বীকাৰ কৰিছে।

তেওঁ উৎপাদনমুখীভাৱে আৰু মিতব্যয়িতাৰে সম্পদৰ গতিশীলতাৰ (Resource mobilization) ওপৰত জোৰ দি আৰু কয় যে ৰাজ্যখনৰ বিভিন্ন খণ্ডত বহুতো সমস্যা আছে আৰু সেইসমূহ সমাধান কৰাটো জৰুৰী।

নৱনিযুক্ত মুখ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনলৈ হোৱা প্ৰব্ৰজন সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰাৰ উপৰি গ্ৰামাঞ্চলৰ সৈতে সংযোগ কৰাৰ বাবে পথ যোগাযোগ উন্নত কৰা, শিক্ষা, স্বাস্থ্য, কৃষি, পৰ্যটন আদি ক্ষেত্ৰসমূহৰ উন্নতি সাধন কৰা, আইন-কানুন পৰিস্থিতি উন্নত কৰা আৰু সন্ত্ৰাসবাদৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে বহুমুখী ধৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্যিক আৰু কেন্দ্ৰীয় আঁচনিসমূহ ৰূপায়ণ কৰাৰ পোষকতা কৰে।

ৰাজ্যখনত কয়লা খননৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰা বিষয়ৰ ওপৰত মুখ্য মন্ত্ৰী চাংমাই কয় যে এই সমস্যাৰ কেইবাটাও স্তৰ আছে যদিও ইয়াৰ সমাধানৰ নিশ্চিতি প্ৰদান কৰে। প্ৰয়োজন হ’লে ৰাষ্ট্ৰপতিৰ বিজ্ঞপ্তিৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সংবিধানৰ ষষ্ঠ অনুসূচীৰ ১২ ক (খ) দফাটো উত্থাপন কৰি মেঘালয়ক কেন্দ্ৰীয় কয়লা আইন সম্পৰ্কীয় আইনৰ পৰা ৰেহাই দিবলৈ অনুৰোধ কৰিব বুলি প্ৰকাশ কৰিছে।

Recent News

ভাৰতলৈ উভটি আহিল আইপিএল, বিচিচিআইৰ সিদ্ধান্তক আদৰণি আৰ পি সিঙৰ

ভাৰতলৈ উভটি আহিল আইপিএল, বিচিচিআইৰ সিদ্ধান্তক আদৰণি আৰ পি সিঙৰ

index

দুধনৈত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী : কৃষ্ণাইৰ বিজেপি কাৰ্যালয়ত তলা ক্ষোভিত নেতা কৰ্মীৰ

20201207_1907131-750x376

স্বার্থ, ভোট বিভাজন ৰোধ : নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজলৰ দলৰ তিনি শীৰ্ষ নেতাই!

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd