নেপালত ভূমিস্খলনৰ তাণ্ডৱ: ১৩ গৰাকী নিহত, সন্ধানহীন ১২ গৰাকী

landslide hits Nepal

ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত আজি তাণ্ডৱৰ সৃষ্টি কৰিছে ভূমিস্খলনে। দেশখনৰ আচ্ছাম জিলাৰ বিভিন্ন ঠাইত আজি সৃষ্টি হোৱা ভূমিস্খলনৰ ফলত প্ৰায় ১৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১০ গৰাকী লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।

জিলা প্ৰশাসনৰ এগৰাকী জেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে আজি জিলাখনৰ কেইবাঠাইত ভূমিস্খলনে সংহাৰী ৰূপ ধাৰণ কৰে।

এই দুৰ্যোগৰ ফলত পশ্চিম নেপালৰ জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰায় ১৩ গৰাকী লোক নিহত, ১০ গৰাকী সন্ধানহীন হৈছে বুলি তেওঁ উল্লেখ কৰে। আনহাতে ১০ গৰাকী লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

এই দুৰ্যোগৰ পাছতে পিছতে নেপালৰ গৃহমন্ত্ৰী বাল কৃষ্ণ খাণ্ডে স্থানীয় কৰ্তৃপক্ষক উদ্ধাৰ অভিযানৰ বাবে হেলিকপ্টাৰ মোতায়েন কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে যোৱা সপ্তাহতো দেশখনৰ দৰচুলা জিলাৰ বাংগাবাগাদ অঞ্চলত বান পানী আৰু ভূমিস্খলনত দুগৰাকী লোক নিহত হোৱাৰ লগতে ১১ গৰাকী সন্ধানহীন হৈছিল।

কিছুদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত লাস্কু আৰু মহাকালী নদী উপচি পৰাৰ ফলত সৃষ্টি হোৱা বানে ইতিমধ্যে অঞ্চলটোত তীব্ৰ বিপৰ্যয় ঘটাইছে।

অৱশ্যে কেৱল এইবাৰেই নহয়, প্ৰতি বছৰে বাৰিষা কালত বানপানী আৰু ভূমিস্খলনে দেশখনত ভয়াৱহ ৰূপ ধাৰণ কৰে। এনে দুৰ্যোগে প্ৰতি বছৰেই নেপালত নৰসংহাৰৰ সৃষ্টি কৰে।