NORTHEAST NOW (Assamese)

ধুবুৰী আৰক্ষীৰ অভিযানত ব্ৰাউন চুগাৰ সহ দুগৰাকী ব্যক্তি গ্ৰেপ্তাৰ

October 23, 2020 3:08 pm · মুকেশ কুমাৰ সিং

ধুবুৰী আৰক্ষীয়ে বৃহস্পতিবাৰে সন্ধিয়া বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই ১৩ গ্ৰাম ব্ৰাউন চুগাৰ সহ দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰে।

ধুবুৰী আৰক্ষীয়ে চাপৰ আৰক্ষী চকীৰ সন্মুখৰ পহৰাদাৰী চকীত এ এছ ১৭ জে ৫১৫০ নম্বৰৰ এখন চুইফ্ট গাড়ীৰ পৰা ব্ৰাউন চুগাৰ খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

‘‘বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আমি অভিযান চলাই চুইফ্ট গাড়ী এখনৰ পৰা সেউজীয়া ৰঙৰ পাত্ৰত ভৰাই অনা অৱস্থাত নিষিদ্ধ নিচাযুক্ত সামগ্ৰী খিনি উদ্ধাৰ কৰা হয়,’’ ধুবুৰী আৰক্ষীৰ এগৰাকী আৰক্ষী বিষয়াই এইদৰে কয়।

আনহাতে, ব্ৰাউন চুগাৰৰ সৈতে আটক হোৱা যুৱক দুগৰাকী সত্যপুৰ গাঁৱৰ নিবাৰণ দাসৰ পুত্ৰ জোনমণি দাস  আৰু ৰৌমাৰী গাঁৱৰ মাইবুদ্দিন আহমেদৰ পুত্ৰ ৰহমত আলী আহমেদ বুলি চিনাক্ত কৰা হৈছে।

গ্ৰেপ্তাৰ হোৱা দুয়োগৰাকী ব্যক্তিকে বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

Related News