• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 17, 2021 5:54 pm

2 min read

gang-rape
291
VIEWS
Share on FacebookShare on Twitter

এক জঘন্য ঘটনাৰ কথা পোহৰলৈ আহিছে। এগৰাকী ১৩ বচৰীয়া কিশোৰীক তিনিবাৰকৈ অপহৰণ কৰি নি মুঠ ৯ জন লোকে গণধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই জঘন্য ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশত।

মধ্যপ্ৰদেশ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে, প্ৰথমে যোৱা ৪ জানুৱাৰীত কিশোৰীগৰাকীক পৰিচিত ৬ লোকে অপহৰণ কৰি নি দুদিন ধৰি উপৰ্যুপৰি গণধৰ্ষণ কৰে।

এই গণধৰ্ষণ কাণ্ডৰ কথা গোপনে ৰাখিবলৈ ভাবুকি প্ৰদান কৰি দুদিনৰ পিছত কিশোৰীগৰাকীক দলটোৱে মুকলি কৰি দিয়ে।

ইয়াৰ পিছতে উক্ত দলটোৰ তিনিজনে যোৱা ১১ জানুৱাৰীত পুনৰ কিশোৰীগৰাকীক অপহৰণ কৰি প্ৰথমে হাবিৰ মাজত গণধৰ্ষণ কৰি পিছত এখন দোকানত আৱদ্ধ কৰি ৰাখি উপৰ্যুপৰি গণধৰ্ষণ কৰে।

দলটোৱে এৰি দিয়াৰ পিছতে কিশোৰীগৰাকী ৰাস্তাৰ দুই ট্ৰাক চালকৰ হাতত পৰে। অভিযোগ মতে উক্ত দুই চালকেও কিশোৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰে।

দুই ট্ৰাক চালকৰ পৰা পলাই আহিবলৈ সক্ষম হোৱা কিশোৰীগৰাকী যোৱা শুকুৰবাৰে নিজ গৃহত উপস্থিত হয়।

নিজ গৃহত উপস্থিত হোৱাৰ পিছতে কিশোৰীগৰাকীয়ে পৰিয়ালৰ লোকৰ আগত সমস্ত ঘটনা বিৱৰী কয়।

ইয়াৰ পিছতে পৰিয়ালৰ লোকে আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে যৌন নিৰ্যাতন, শিশু সুৰক্ষা আইন(পস্কো)ৰ অধীনত গোচৰ ৰুজু কৰি ৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে, শিৱৰাজ চৌৱান শাসিত মধ্যপ্ৰদেশত সপ্তাহজোৰা ‘সন্মান’ প্ৰকল্পৰ অভিযান চলি থকাৰ সময়তে যোৱা ৬ টা দিনত ৪ টাকৈ গণধৰ্ষণৰ ঘটনা সংঘটিত হৈছে।

Recent News

IMG_20210306_150302

বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়েই মহা বিস্ফোৰণ বিতোপন শইকীয়াৰ

a raij

ৰাইজৰ দলৰ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

পাকিস্তান : আস্থাভোটত বিজয়ী হৈ সংসদত সুদৃঢ় খোপনি ইমৰাণ খান চৰকাৰৰ

পাকিস্তান : আস্থাভোটত বিজয়ী হৈ সংসদত সুদৃঢ় খোপনি ইমৰাণ খান চৰকাৰৰ

a chutiya

বিজেপিক বিশ্বাসঘাতক আখ্যা চুতীয়া ছাত্ৰ সন্থা-চুতীয়া যুৱ সন্মিলনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd