• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্জাৱ বিশ্ববিদ্যালয়ত হোলী উদযাপন কৰা শিক্ষাৰ্থীৰ ওপৰত ইছলামিক সংগঠনৰ আক্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2023 9:15 am
187
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ পঞ্জাৱ বিশ্ববিদ্যালয়ত হোলী উদযাপন কৰা ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰিছে এটা ইছলামিক সংগঠনে। এই আক্ৰমণত ১৫ গৰাকী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আহত হৈছে। বিশ্ববিদ্যালয় প্ৰশাসনৰ অনুমতি সাপেক্ষে হোলী উদযাপন কৰি থকা অৱস্থাত ইছলামী জমিয়ত তুলবা (আই জে টি)ৰ সদস্যই অতৰ্কিতে আক্ৰমণ কৰে। এই আক্ৰমণৰ ঘটনাৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে। ভিডিঅ’সমূহত দেখা গৈছে যে হিন্দু সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীক হোলী আয়োজন কৰাৰ বাবে আক্ৰমণ কৰা হৈছিল।

কিছুমান ভিডিঅ’ত দেখা গৈছে যে নিৰাপত্তাৰক্ষীয়ে ছাত্ৰ-ছাত্ৰীক লাঠিৰে প্ৰহাৰ কৰিছে। সিন্ধ পৰিষদৰ সাধাৰণ সম্পাদক কাচিফ ব্ৰহীয়ে পাকিস্তানৰ ড’ন কাকতক জনোৱা অনুসৰি পাকিস্তানৰ বিশ্ববিদ্যালয়খনৰ প্ৰশাসনৰ পৰা অনুমতি লৈ হিন্দু সম্প্ৰদায় আৰু পৰিষদৰ সদস্যসকলে হোলী আয়োজন কৰিছিল।

তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ফেচবুক পেজত হোলী উদযাপনৰ নিমন্ত্ৰণী পত্ৰ পোষ্ট কৰাৰ পিছতে আইজেটিৰ কৰ্মীসকলে তেওঁলোকক ভাবুকি দিবলৈ আৰম্ভ কৰে। তেওঁৰ মতে, সোমবাৰে পুৱা সিন্ধ পৰিষদৰ সদস্য আৰু হিন্দু সম্প্ৰদায়ৰ লোকসকলে পি ইউ ল’ কলেজৰ বাহিৰত হোলী উদযাপনৰ বাবে সমবেত হৈছিল, তেতিয়া আইজেটিৰ কৰ্মীসকলে তেওঁলোকক বন্দুক আৰু লাঠিৰে আক্ৰমণ কৰিছিল।

ব্ৰহীয়ে কয় যে এই সংঘৰ্ষৰ সময়ত হিন্দু সম্প্ৰদায় আৰু সিন্ধ পৰিষদৰ ১৫ গৰাকী ছাত্ৰ-ছাত্ৰী আহত হৈ অনুষ্ঠানটো উদযাপন নকৰাকৈয়ে গুচি যায়। ইয়াৰ পিছতে উপাচাৰ্যৰ কাৰ্যালয়ৰ বাহিৰত ছাত্ৰ-ছাত্ৰীসকলে সমবেত হৈ এই ঘটনাৰ প্ৰতিবাদ কৰে আৰু তেতিয়াই নিৰাপত্তাৰক্ষীয়ে লাঠি লৈ আহি ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।

একে সময়তে আইজেটিৰ মুখপাত্ৰ ইব্ৰাহিম শ্বাহিদে কয় যে তেওঁ হিন্দু সম্প্ৰদায়ৰ সদস্যসকলক হোলী উদযাপন কৰাত বাধা দিয়া নাছিল। তেওঁ কয় যে আক্ৰমণকাৰীয়ে হয়তো সংগঠনৰ নাম ব্যৱহাৰ কৰি এই কাণ্ড সংঘটিত কৰিছে।

তেওঁ কয় যে নিৰাপত্তাৰক্ষীয়ে হয়তো ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰিছিল, কিন্তু ইয়াৰ লগত আইজেটিৰ কোনো সম্পৰ্ক নাই। তেওঁ কয় যে চৌহদত দাৰ-ই-কুৰাণৰ আয়োজন কৰি থকাৰ বাবে এই ঘটনাৰ সময়ত তেওঁ উপস্থিত নাছিল। পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে সংখ্যালঘু সম্প্ৰদায়ৰ লোকক আক্ৰমণৰ লগত জড়িত ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd