NORTHEAST NOW (Assamese)

ক’ৰ’নাতংক; ১৩ এপ্ৰিললৈকে চৰকাৰে সম্পূৰ্ণৰূপে ছীল কৰিব ১৫ খন জিলা

April 8, 2020 5:54 pm · এন ই নাও নিউজ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে এখন ৰাজ্যৰ ১৫ খন জিলা অহা ১৩ এপ্ৰিললৈকে সম্পূৰ্ণৰূপে বন্ধ থকাৰ কথা ঘোষণা কৰিছে এখন ৰাজ্যৰ চৰকাৰে।

উত্তৰ প্ৰদেশ চৰকাৰে কৰিছে এই ঘোষণা। ক’ৰ’না ভাইৰাছৰ অপ্ৰতিৰোধ্য সংক্ৰমণৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ ১৫ খন জিলাৰ সম্পূৰ্ণ বন্ধৰ কৰাৰ কথা আজি এক নিৰ্দেশনাৰ যোগে জাৰি কৰিছে।

আজি নিশা ১২ বজাৰ পৰা জিলাকেইখনত সম্পূৰ্ণ ছীল আৰম্ভ হ’ব। অহা ১৩  এপ্ৰিলত এই সম্পূৰ্ণ ল’কডাউন অন্ত পৰাৰ কথা।

সম্পূৰ্ণ ল’কডাউন ঘোষণা কৰা জিলাকেইখন হ’ল ক্ৰমে – গৌতম বুদ্ধ নগৰ(নয়ডা), লক্ষ্মৌ, গাজিবাদ, মীৰাট, আগ্ৰা, কাণপুৰ, বাৰানসী, শামলী, বেৰেইলী, বুলাণ্ডশ্বাহাৰ, ফীৰোজবাদ, মাহাৰাগঞ্জ, সীতাপুৰ, চাহাৰণপুৰ আৰু বাস্তি। জিলাকেইখনত প্ৰয়োজনীয় সেৱাসমূহ হোম ডেলিভাৰীৰ যোগে প্ৰদান কৰা হ’ব। কোনো লোকেই ঘৰৰ পৰা বাহিৰ উলাব নোৱাৰিব।

উল্লেখ্য বৰ্তমান দেশত ২১ দিনীয়া ল’কডাউন অব্যাহত আছে। উক্ত জিলাকেইখনত এই ল’কডাউনৰ সমান্তৰালভাৱে সম্পূৰ্ণ ছীল কৰা হৈছে বুলি উত্তৰ প্ৰদেশৰ চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে।

Related News