এজনী নাবালিকাক ছমাহ ধৰি যৌন নিৰ্যাতন চলাই আটক হ’ল তিনিজন যুৱক, ক’ত?

তামিলনাডুৰ কাড্ডালুৰত সংঘটিত হৈছে এক ঘৃণনীয় ঘটনা।

এজনী ১৫ বছৰীয়া নাবালিকাক ৬মাহ ধৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত তিনিজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

নিৰ্যাতনৰ বলি হোৱা নাবালিকাজনীয়ে নিজৰ মোমায়েকৰ ঘৰত বাস কৰিছিল আৰু তাতে পাঁচজন যুৱকে তাইক ভয়-ভাবুকি প্ৰদান কৰি যৌন নিৰ্যাতন চলাই আহিছিল।

পাঁচোজন নিৰ্যাতনকাৰীৰ ভিতৰত তিনিজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

যুৱক তিনিজন ক্ৰমে- এন ধীনা (২১), এছ ভিগনেশ (১৯), ভি হনেষ্টৰাজ (২১)।

আনহাতে, ৰণজীত আৰু ৰাগা নামৰ আন দুজন যুৱকক এতিয়াও আৰক্ষীয়ে বিচাৰি আছে।

নিৰ্যাতনৰ ঘটনাটো পোহৰলৈ আহে যেতিয়া নাবালিকাজনীৰ স্বাস্থ্য ভাগি পৰিবলৈ ধৰে।

মোমায়েকে তাইৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে যেতিয়া তাইক সোধে, তাই সকলো কথা তেওঁক অৱগত কৰে।

মোমায়েকে কাষৰে আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে আৰু অভিযুক্তসকলক POCSO আইনৰ অধীনত আৰক্ষীয়ে আটক কৰে।