• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীত এটা ঠিকনাৰ বাবে হাহাকাৰ ১৬ টাকৈ এইচ আক্ৰান্ত শিশুৰ

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , December 6, 2018 9:32 pm

2 min read

মহানগৰীত এটা ঠিকনাৰ বাবে হাহাকাৰ ১৬ টাকৈ এইচ আক্ৰান্ত শিশুৰ
142
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীত গৃহহীন হোৱাৰ উপক্ৰম হৈছে ১৬ টাকৈ এইচ আই ভি পজিটিভ শিশু। এটা ঠিকনাৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে দুৰ্ভগীয়া শিশু কেইটাই।

মহানগৰীৰ ছয়মাইলৰ সূৰুয নগৰত থকা কস্তুৰী চিল্ড্ৰেন কেয়াৰ হোম নামৰ কেন্দ্ৰটোত থকা শিশু কেইটাই এতিয়া হ’বলৈ গৈ আছে গৃহহীন। আচাম নেটৱৰ্ক অব পজিটিভ পিপ’ল নামৰ বেচৰকাৰী সংস্থাটোৰ তত্ত্বাৱধানত কেন্দ্ৰটোত আছে এইচ আই ভি পজিটিভ শিশুকেইটা।

উল্লেখযোগ্য যে সংস্থাটোৱে সূৰুজ নগৰৰ ৯ নম্বৰ ঘৰটো ভাড়ালৈ লৈ দীৰ্ঘদিন ধৰি এইচ আক্ৰান্ত শিশুকেইটাক আশ্ৰয়, পৰিচৰ্যা আৰু শিক্ষা প্ৰদান কৰি আহিছে। কিন্তু শেহতীয়াকৈ ঘৰটোৰ মালিকে ঘৰটো বিক্ৰী কৰি দিয়াত তাত থকা শিশুকেইটা সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে।কাৰণ ভাড়া ঘৰটোৰ নতুন মালিকে সংস্থাটোক মাত্ৰ এমাহৰ ভিতৰত ঘৰটো এৰি দিবলৈ কৈছে।

আচাম নেটৱৰ্ক অৱ প’জিটিভ পিপ’লৰ সভাপতি জাহ্নৱী গোস্বামীয়ে নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি এইচ আক্ৰান্ত শিশুক ৰাখিবৰ বাবে ভাড়াঘৰৰ মালিকসকলে ঘৰ দিবলৈ অমান্তি হোৱাৰ বাবে সংস্থাটোৱে এতিয়ালৈকে ঘৰ পোৱা নাই।

তেওঁ নৰ্থ ইষ্ট নাওক কয় যে, ‘আমি এতিয়া নতুন ভাড়া ঘৰলৈ যাবলগীয়া হৈছে। আমি বহু ঠাইত ঘৰ বিচাৰিছো আৰু ঘৰ পাইছো, কিন্তু এইচ আই ভি প’জিটিভ শিশু ৰাখিম বুলি কোৱাৰ লগে লগে মালিকে ঘৰ ভাড়ালৈ নিদিয়া হয়। ইপিনে ডিচেম্বৰ মাহ শেষ হ’লেই এই ঘৰটো আমি খালি কৰিব লাগিব।’

উল্লেখযোগ্য যে আচাম নেটৱৰ্ক অৱ প’জিটিভ পিপ’লে ২০১২ চনৰ আগষ্ট মাহত কস্তুৰী চিল্ড্ৰেন কেয়াৰ হোম আৰম্ভ কৰিছিল। তদানীন্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এই কেন্দ্ৰটো মুকলি কৰিছিল। তেতিয়াৰ পৰাই গুৱাহাটীৰ বিভিন্ন ঠাইত ভাড়াঘৰত চলাই থাকিবলগীয়া হৈছে এই কেন্দ্ৰটো।

পূৰ্বে সংস্থাটোৱে গুৱাহাটীৰ সুন্দৰপুৰত তিনিটা স্থান সলাবলগীয়া হৈছিল। ইয়াৰ পাছত কিছুবছৰ পূৰ্বে সূৰুয নগৰৰ এই ঘৰটোলৈ আহিছিল।

জাহ্নৱী গোস্বামীয়ে আমাক কয় যে কেন্দ্ৰটোৰ শুভাৰম্ভণী অনুষ্ঠানত তেতিয়াৰ মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এবছৰৰ ভিতৰত কেন্দ্ৰটোৰ বাবে এটা স্থায়ী ঠিকনা কৰি দিয়াৰ আশ্বাস দিছিল। কিন্তু আজিও সেয়া হৈ নুঠিল।

ইপিনে অসম ৰাজ্যিক এইচ নিয়ন্ত্ৰণ চ’চাইটিৰ স্বীকৃতিপ্ৰাপ্ত হোৱাৰ পাছতো এতিয়া এই কেন্দ্ৰটোত থকা শিশু কেইটালৈ আহিছে নিৰাপত্তাহীনতা। চ’চাইটিয়ে কেৱল নতুন ঘৰ বিচাৰিবলৈহে পৰামৰ্শ দিছে। কিন্তু নতুন ভাড়াঘৰ নোপোৱাত এতিয়া দিশহাৰা হৈ পৰিছে আচাম নেটৱৰ্ক অৱ প’জিটিভ পিপ’ল নামৰ সংস্থাটো।

মন কৰিব লগীয়া যে মাত্ৰ কেইটামান দিনৰ পাছতেই ১৬ টাকৈ দুৰ্ভগীয়া শিশু থকা কস্তুৰী চিল্ড্ৰেন কেয়াৰ হোমে সূৰুয নগৰৰ ঘৰটো এৰি দিব লাগিব। এতিয়া ক’লৈ যাব এই শিশুকেইটা?

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd