• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গণশিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ নিৰপেক্ষ তদন্তৰ দাবীত একত্ৰিত ৰাজ্যৰ ১৬ টাকৈ বিৰোধী ৰাজনৈতিক দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2025 9:10 pm
67
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকল্পনীয় ৰহস্যজনক মৃত্যুৰ এক নিৰপেক্ষ আৰু উচ্চস্তৰীয় তদন্তৰ লগতে তেখেতৰ মৃত্যুৰ পাছত উদ্ভৱ হোৱা সামাজিক তথা ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰিবলৈ আজি গুৱাহাটীস্থিত অগ্নিদ্বীপ হোটেলত ৰাইজৰ দলৰ উদ্যোগত বিৰোধী দলৰ এখনি সর্বদলীয় বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকত প্রথমে গণশিল্পী জুবিন গাৰ্গৰ ৰহস্যঘন অকাল বিয়োগত শোকপ্ৰকাশ কৰি এক মিনিটৰ মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Apply Now

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আহ্বান জনোৱা এই বৈঠকত অসম প্রদেশ কংগ্রেছ, অজাপ, তৃণমূল কংগ্রেছ, এনচিপি, চিপিআই, চিপিআই(এম), চিপিআই (এমএল), এপিএইচএলচি, জাতীয় দল অসম, পিএলপি, আম আদমী পাটী, আৰজেডি, শিৱ সেনা (উদ্ধৱ থাকৰে গোট), ফৰৱাৰ্ড ব্লক আৰু জন জাগৰণ মঞ্চৰ সৰ্বমুঠ ১৬টা বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্বৰ লগতে প্রতিনিধিসকলে অংশগ্ৰহণ কৰি কেইবাটাও প্ৰস্তাৱ সৰ্বসন্মতিক্রমে গ্ৰহণ কৰে।

সভাত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আঁৰৰ সমগ্ৰ ঘটনাৱলীৰ তদন্ত প্রক্রিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নিৰীক্ষণত ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰা হয়। গণশিল্পীগৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদঘাটন নোহোৱা পর্যন্ত সভাত উপস্থিত বিৰোধী ৰাজনৈতিক দলসমূহ ক্ষান্ত নহয় আৰু ঐক্যবদ্ধতাৰে ন্যায়ৰ যুঁজত আগবাঢ়িব বুলিও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই ক্ষেত্ৰত ১৬ টাকৈ বিৰোধী ৰাজনৈতিক দলে সন্মিলিতভাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক পত্ৰ প্ৰেৰণ কৰিব বুলিও বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হয়।

ৰাইজৰ দলে আয়োজন কৰা এই সভাত নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত সংঘটিত সন্দেহজনক অর্থনৈতিক অপৰাধৰ লগতে এই ফেষ্টিভেলৰ সৈতে জড়িত অভিযুক্তসকলৰ ওপৰত বিত্তীয় অনিয়ম সঞ্চালকালয়ৰ জৰিয়তে অনুসন্ধান জনাবলৈ দাবী জনোৱাৰ লগতে পুংখানুপুংখভাৱে তদন্তৰো দাবী উত্থাপন কৰে। সমগ্র এই ঘটনাৰ বিষয়ে ৰাজ্যপালৰ লগতে দেশৰ ৰাষ্ট্ৰপতিক সাক্ষাত্ কৰি পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰিব বুলিও সভাত সিদ্ধান্ত গ্রহণ কৰা হয়।

জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনা সম্পৰ্কীয় তদন্তৰ অগ্ৰগতিৰ খতিয়ান অৱগত কৰিবলৈ ৰাজ্য চৰকাৰক এখনি সৰ্বদলীয় সভা আহ্বান কৰিবলৈ দাবী উত্থাপন কৰি আন এক সিদ্ধান্ত গ্রহণ কৰা হয়। আনহাতে জুবিন গাৰ্গৰ ঘটনাৰ ন্যায় বিচাৰি ৰাজপথত আন্দোলন কৰি গ্ৰেপ্তাৰ হোৱা সকলক অতিশীঘ্ৰে বিনাচৰ্তে মুকলি কৰি দিয়া, জুবিন গাৰ্গৰ সৃষ্টিৰাজি আৰু আদৰ্শক জীয়াই ৰাখিবলৈ নৱম-দশম শ্ৰেণীৰ পাঠ্যপুথিত অন্তর্ভুক্ত কৰি ‘জুবিন গাৰ্গ’ নামেৰে এটা পাঠ্যক্ৰম ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা, জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত কৰি চৰকাৰে স্বচ্ছতা প্ৰদৰ্শন কৰাৰ লগতে অসমবাসীক আশ্বস্ত কৰিব পৰাকৈ নিৰপেক্ষ প্ৰতিটো পদক্ষেপৰ বিষয়ে সম্ভেদ দিয়া, জুবিন গাৰ্গৰ পৰিয়ালে জনোৱা দাবী প্রযোজ্য হোৱাকৈ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা ইত্যাদি দাবীসমূহ তুলি সভাত প্রস্তাৱ গ্ৰহণ কৰে ৰাজ্যৰ ১৬ টাকৈ বিৰোধী ৰাজনৈতিক দলে।

উল্লেখযোগ্য যে জীৱিত কালত জুবিন গাৰ্গে নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বিৰুদ্ধে মুকলি বিৰোধিতা কৰা পৰলক্ষিত হৈছিল। এনেক্ষেত্ৰত অসম চৰকাৰে প্ৰকৃতাৰ্থত জুবিন গাৰ্গৰ প্ৰতি সন্মান প্রদর্শন কৰি অসমত ‘কা’ প্রযোজ্য নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰে দাবী জনাই সন্মান প্রদর্শন কৰিব লাগে বুলিও আহ্বান জনায়।

আজিৰ সভাত উপস্থিত সমূহ বিৰোধী দলসমূহে সন্মিলিতভাবে ১৯ অক্টোবৰৰ দিনা এক শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে এই শ্রদ্ধাঞ্জলি অনুষ্ঠানত অসমৰ শিল্পী সমাজ তথা সমগ্র অসমবাসীক অংশগ্ৰহণ কৰিবলৈও আহ্বান জনাব বুলি সিদ্ধান্ত গ্রহণ কৰে। শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি শিল্পীগৰাকীক আজীৱন স্মৰণ কৰিব পৰাকৈ এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ সিদ্ধান্তও গ্ৰহণ কৰা হয় সৰ্বদলীয় বৈঠকখনত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd