চাঞ্চল্যকৰ তথ্য; ৰেইলৱে চৌহদ, চলন্ত ৰেইলত সংঘটিত হৈছে ১৬০ টা ধৰ্ষণ

Story-6-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰেইলৱে চৌহদ আৰু চলন্ত ৰেইলত মুঠেও সুৰক্ষিত নহয় নাৰী। ২০১৭ চনৰ পৰা ২০১৯ চনৰ ভিতৰত সংঘটিত ১৬০ টা ধৰ্ষণকাণ্ডৰ ঘটনাই ইয়াৰ প্ৰমাণ।

চন্দ্ৰ শেখৰ গৌৰ নামৰ এজন আৰ টি আই কৰ্মীয়ে কৰা আবেদনৰ উত্তৰত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য।

আবেদনৰ উত্তৰত জনোৱা মতে, ২০১৭ বৰ্ষত ৫১ টা, ২০১৮ত ৭০ টা আৰু ২০১৯ত ৪৪ টা এনেধৰণৰ জঘণ্য ধৰ্ষণকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

২০১৭ৰ পৰা ২০১৯ৰ ভিতৰত চলন্ত ৰেইলত ২০ টা আৰু উক্ত সময়ছোৱাৰ ভিতৰতে ৰেইলৱে চৌহদত সংঘটিত হৈছে ৩৬ টা ধৰ্ষণ।

‘ৰেইলৱে চৌহদ আৰু চলন্ত ৰেইলত ২০১৭ৰ পৰা ২০১৯ চনৰ ভিতৰত সৰ্বমুঠ ১৬৫ টা ধৰ্ষণকাণ্ড সংঘটিত হৈছে’, আৰ টি আই আবেদনখনৰ উত্তৰৰ পৰা এই কথা জানিব পৰা গৈছে।

উত্তৰত লগতে কোৱা হয়, ‘তথ্য অনুসৰি, ২০১৯ বৰ্ষত ৰেইলৱে চৌহদত ৩৬ টা আৰু চলন্ত ৰেইলত সংঘটিত হৈছে ৮ টা ধৰ্ষণকাণ্ড’।

২০১৮ত সংঘটিত হোৱা ৭০ টা ধৰ্ষণকাণ্ডৰ ৫৯ টা ৰেইলৱে চৌহদত আৰু ১১ টা চলন্ত ৰেইলত সংঘটিত হয়।

আনহাতে ২০১৭ চনত ৪১ টা ৰেইলৱে চৌহদত আৰু ১০ টা চলন্ত ৰেইলত সংঘটিত হয় বুলি উত্তৰত প্ৰকাশ পাইছে।

ধৰ্ষণৰ উপৰি উক্ত সময়ছোৱাৰ ভিতৰত ৭৭১ টা কিডনেপ, ৪,৭১৮ টা ডকাইতি, ২১৩ টা হত্যাৰ চেষ্টা আৰু ৫৪২ টা হত্যাৰ দৰে ঘটনা সংঘটিত হোৱা বুলিও আৰ টি আই কৰ্মীজনৰ আবেদনৰ উত্তৰত প্ৰকাশ পাইছে।