• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“ক্ষুদ্ৰ স্বাৰ্থ এৰি জাতিৰ স্বাৰ্থত এক হওক কংগ্ৰেছ আৰু ৰাইজৰ দল” : ৰাজ্যৰ ১৭১ গৰাকী বিশিষ্ট ব্যক্তিৰ বিশেষ গোহাৰি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2026 3:10 pm
1.7k
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ থকাৰ সময়তে ৰাজ্যৰ এদল বিশিষ্ট লেখক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীয়ে বিৰোধী দলসমূহক একগোট হ’বলৈ এক গুৰুত্বপূৰ্ণ আহ্বান জনাইছে। অসম নাগৰিক সন্মিলনৰ উদ্যোগত ড° হীৰেন গোহাঁই, ড° নগেন শইকীয়া, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা আৰু ড° অৰূপা পটংগীয়া কলিতাকে ধৰি ১৭০ গৰাকীৰো অধিক বিশিষ্ট ব্যক্তিয়ে যুটীয়াভাৱে এই গোহাৰি প্ৰেৰণ কৰিছে। তেওঁলোকে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈলৈ এই পত্ৰ প্ৰেৰণ কৰি দলীয় স্বাৰ্থতকৈ জনস্বাৰ্থক অগ্ৰাধিকাৰ দিবলৈ অনুৰোধ জনাইছে।

গোহাৰিপত্ৰখনত বুদ্ধিজীৱীসকলে উল্লেখ কৰিছে যে যোৱা দহ বছৰীয়া শাসনৰ পিছত পুনৰ যদি বিজেপি চৰকাৰ ক্ষমতালৈ আহে, তেন্তে অসমৰ ভৱিষ্যতৰ অৱস্থা অতি ভয়াৱহ হ’ব পাৰে। তেওঁলোকৰ মতে, বৰ্তমানৰ চৰকাৰক প্ৰতিহত কৰাৰ একমাত্ৰ পথ হ’ল সকলো বিজেপি বিৰোধী শক্তি ঐক্যবদ্ধ হোৱাটো। ইতিমধ্যে কংগ্ৰেছৰ নেতৃত্বত বেছিভাগ দলেই একগোট হোৱাটো এক ইতিবাচক পদক্ষেপ যদিও ৰাইজৰ দলৰ সৈতে এতিয়াও আসনৰ বুজাবুজি সম্পূৰ্ণ নোহোৱাটোৱে সাধাৰণ ৰাইজক চিন্তিত কৰি তুলিছে বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে।

Apply Now

বিশিষ্ট ব্যক্তিসকলে গভীৰ উদ্বেগ প্ৰকাশ কৰি কৈছে যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পিছতো কেৱল এটা বা দুটা সমষ্টিৰ বাবে বিৰোধীৰ মাজত ঐক্য স্থাপন নোহোৱাটো অতি পৰিতাপৰ বিষয়। যদি বিৰোধী দলসমূহে পৃথকে পৃথকে নিৰ্বাচন খেলে, তেন্তে তাৰ পোনপটীয়া লাভ শাসকীয় পক্ষই পাব আৰু ই সমগ্ৰ বিৰোধী জোঁটটোৰ বাবে বৃহৎ ক্ষতি কঢ়িয়াই আনিব। সেয়েহে অসমৰ বিজেপি বিৰোধী ৰাইজৰ আশা-আকাংক্ষাক সন্মান জনাই কংগ্ৰেছ আৰু ৰাইজৰ দলক সকলো মতানৈক্য দূৰ কৰি শীঘ্ৰেই এক উমৈহতীয়া সিদ্ধান্তত উপনীত হ’বলৈ তেওঁলোকে আহ্বান জনাইছে।এই গোহাৰিত স্বাক্ষৰ কৰা ১৭১ গৰাকী ব্যক্তিৰ ভিতৰত গুৱাহাটী, ডিব্ৰুগড়, তিতাবৰ, যোৰহাট, শিলচৰ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষাবিদ, চিকিৎসক আৰু সাংস্কৃতিক কৰ্মী অন্তৰ্ভুক্ত আছে। তেওঁলোকে আশা প্ৰকাশ কৰিছে যে ৰাজনৈতিক দলসমূহে এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত ব্যক্তিগত বা দলীয় লাভালাভ ত্যাগ কৰি অসমৰ সুৰক্ষাৰ স্বাৰ্থত এক শক্তিশালী ঐক্যবদ্ধ মৰ্চা গঠন কৰিব। নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধীৰ এই ঐক্যই ৰাজ্যবাসীক এক নতুন আশাৰ বতৰা দিব বুলিও তেওঁলোকে পত্ৰখনত উল্লেখ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

October 11, 2026 10:21 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 11, 2026 9:46 am
পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

October 11, 2026 9:28 am
আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

October 11, 2026 8:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

October 11, 2026 10:21 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 11, 2026 9:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd