দুধনৈত এম্বুলেন্স দেখি পলায়ন কোভিডত আক্ৰান্ত ১৮ গৰাকী পুৰুষ-মহিলাৰ, তাৰপিচত?

dog

*

দুধনৈৰ এখন গাঁৱতে ১৮ জন কৈ পুৰুষ- মহিলাৰ দেহত ধৰা পৰিল ক’ৰোনা ৷ এক অন্তোষ্টিক্ৰিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিচতে গাঁৱখনত বৃদ্ধি পালে সংক্ৰমণ!

তাৰ মাজতে আন এক অনাকাংক্ষিত ঘটনা সংঘটিত হ’ল গাঁৱখনত , ৰোগী সকলোক নিবলৈ এম্বুলেন্স অহাৰ পিচতে সেই ঠাইৰ পৰা দৌৰি পলায়ন কৰে ১৮ গৰাকী পজিটিভ ৰোগীয়ে ৷

লগে লগে অঞ্চলটোত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়। অৱশ্যে পিছত আৰক্ষীয়ে তৎপৰতাৰে কোভিড ৰোগীকেইগৰাকীক ধৰি আনিবলৈ সক্ষম হয়।

আৰক্ষীৰ তৎপৰতাত আটাইকেইগৰাকীকে ভৰ্তি কৰোৱা হ’ল চিকিৎসালয়ত ৷
যি সময়ত ক’ভিডৰ সংক্ৰমণ কিছু কমিবলৈ আৰম্ভ কৰিছে তেনে সময়তে দুধনৈৰ বাখ্ৰাপুল গাঁৱত একে সময়তে ১৮ জন কৈ পুৰুষ মহিলাৰ দেহত ধৰা পৰিল ক’ৰোনা ভাইৰাছ।
গাঁৱখনত ক’ৰোনাত আক্ৰান্ত হৈ এগৰাকী লোকৰ মৃত্যু হোৱাৰ পিচত অন্ত্যষ্টিক্ৰিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল গাঁৱখনৰ বহু লোকে ৷ তাৰ পিচতে সমগ্ৰ গাঁৱখনতে ক’ভিডে লয় গণ সংক্ৰমণৰ ৰূপ।

স্বাস্থ্য বিভাগে গাঁৱখনত ৯৭ গৰাকী লোকৰ টেষ্ট কৰাই আৰু তাৰ ভিতৰত ১৮ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰোনা ৷

বাখ্ৰাপুল গাঁৱৰ ৰাজহুৱা স্থানত গাঁৱবাসীৰ ক’ৰোৱা হয় ক’ভিড টেষ্ট। তাৰ পিচতে পজিটিভ ৰোগী সকলোক কিছু নিলগত ৰখা হয যদিও এম্বুলেন্স অহাৰ লগে-লগে আটাইকেইগৰাকী পজিটিভ ৰোগীয়ে উক্ত স্থানৰ পৰা দৌৰি দৌৰি পলাই যায়, লগে-লগে হুৱাদুৱা লাগে অঞ্চলটোত ৷ শেষত আৰক্ষী আৰু গাঁৱবুঢ়াৰ সহযোগত পলায়ন কৰা ৰোগী সকলোক ওভতাই অনা হয় আৰু এম্বুলেন্সেৰে ধূপধৰাত থকা ক’ভিড চেণ্টাৰলৈ নিয়া হয় ৷

ইফালে এখন গাঁৱত এদিনতে ১৮ জন লোক আক্ৰান্ত হোৱাৰ বাতৰিয়ে সাধাৰণতে চিন্তিত কৰিছে দুধনৈবাসীক।

জানিব পৰা মতে, এই বাখ্ৰাপুল গাঁৱত কিছুদিন পূৰ্ৱে ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছিল এজন লোকৰ ৷ মৃত্যু হোৱা লোকজনৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত গাঁৱখনৰ বহুলোকে ভিৰ কৰিছিল আৰু তাৰ পিচতে বহু লোকৰ দেহত ক’ৰোনা ভাইৰাছে থিতাপি লোৱাৰ আশংকা কৰি টেষ্ট কৰোৱা হয় আৰু তাৰ পিচতে ১৮ গৰাকীৰ দেহলৈ ক’ৰোনা সংক্ৰমণ হোৱাটো নিশ্চিত হয় স্বাস্থ্য বিভাগে।

দুধনৈৰ অকল বাখ্ৰপুলতে নহয় দুধনৈ চিকিৎসালয়তো ১২ গৰাকী পজিটিভ ৰোগী চিনাক্ত হয় ৷ এটা দিনত এখন ঠাইত ৩০ গৰাকী পজিটিভ হোৱাৰ ফলত আতংকিত হৈ পৰিছে দুধনৈবাসী ৷