মুম্বাইত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ঘটনাৰ বিৱৰণ অনুসৰি এটি ১৫ বছৰীয়া কিশোৰৰ সৈতে ঘৰৰ পৰা পলাই গৈছিল এগৰাকী ১৮ বছৰীয়া যুৱতী। দুয়ো পলাই গৈ বাস কৰিছিল এটা পৰিত্যক্ত বাসগৃহত। তাৰ দুসপ্তাহৰ পিছত উদ্ধাৰ হ’ল যুৱতীগৰাকীৰ মৃতদেহ।
আচলতে কি হৈছিল সমগ্ৰ ঘটনাটো?
আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা প্ৰায় ৮ বজাত এটা পৰিত্যক্ত ঘৰৰ পৰা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ঘৰৰ পৰা পলাই যোৱাৰ পিছত দুয়োজনে পৰিত্যক্ত ঘৰটোৰ ষষ্ঠ মহলাত বাস কৰিছিল।
আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি যুৱতীগৰাকী উচ্চতাৰ পৰা পৰাৰ ফলত মৃত্যু হৈছে। ইফালে মৃত যুৱতীগৰাকীৰ মাতৃয়ে দাবী কৰিছে যে যুৱতীগৰাকীৰ মৃত্যুৰ বাবে দায়ী তেওঁৰ প্ৰেমিক।
অৱশ্যে কিশোৰজনে এই ঘটনাক এটা দুৰ্ঘটনা বুলি জনাইছে। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁ শুই থকা বুলি আৰক্ষীক জনাইছে।
এজন তদন্তকাৰীয়ে আৰক্ষীয়ে কয়, “কিশোৰীজনে কৈছিল যে সাৰ পোৱাৰ পিছত তেওঁ যুৱতীগৰাকীক বিচাৰিছিল। তাৰপিছত তলত যুৱতীগৰাকীৰ ৰক্তাক্ত মৃতদেহ দেখি ভয়তে বায়েকৰ ঘৰলৈ পলাই গ’ল।”
তদন্তকাৰীয়ে এই কথাও জানিব পাৰিছে যে দুয়োৰে মাজত কেইবাবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। ইয়াৰ পূৰ্বেও কেইবাবাৰো পলায়ন কৰিছিল তেওঁলোকে।
ইতিমধ্যে আৰক্ষীয়ে নাবালকজনক আটক কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।