• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত ৮ বছৰত ১৮,২৬২ টা ধৰ্ষণৰ ঘটনা : বৰাগাঁৱৰ দলবদ্ধ ধৰ্ষণৰ অভিযুক্তক দৃষ্টান্তমূলক শাস্তিৰ দাবী আপৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 16, 2024 9:33 pm
442
VIEWS
Share on FacebookShare on Twitter

ৰাসৰ  সময়ত বৰাগাঁৱৰ দুৰ্গা মন্দিৰত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনাক লৈ সৰৱ হ’ল আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজা ।

আজি গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত এই সন্দৰ্ভত আয়োজিত এক সংবাদমেলত দলৰ নেত্ৰী গৰাকীয়ে বলাৎকাৰৰ অভিযুক্তক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ক্ষিপ্ৰতাৰে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়।

বৰাগাঁৱৰ দুৰ্গা মন্দিৰত সংঘটিত বলাৎকাৰৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ দল- সংগঠন সমূহৰ নিৰ্লিপ্ততাক লৈও প্ৰশ্ন উত্থাপন কৰে অনুৰূপা ডেকাৰজাই।

ৰাজনৈতিক দল আৰু তথাকথিত জাতীয় সংগঠনক সমালোচনা কৰাৰ উপৰি স্বয়ং মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ ভূমিকা সন্দৰ্ভত আপৰ নেত্ৰী গৰাকীয়ে কয়, “বৰ্তমানলৈকে শাসনাধিষ্ঠিত বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধানী মহানগৰীত সংঘটিত এই জঘন্য ঘটনাৰ কোনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। পূৰ্বে অৰ্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যা বা ধিং কাণ্ডক লৈ যি ধৰণে তেওঁলোকে নিজৰ স্থিতি প্ৰকাশ কৰিছিল, তেনে কোনো প্ৰতিক্ৰিয়া আমি লক্ষ্য কৰা নাই। ধৰ্মক লৈ ৰাজনীতি কৰা বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ভগৱানৰ মন্দিৰো কলুষিত হৈছে। “

সংবাদমেলত আপৰ উপ সভাপতি গৰাকীয়ে অভিযোগ উত্থাপন কৰে যে বিজেপিৰ শাসনকালত অৰ্থাৎ অসমত বিগত ৮ বছৰত ১৮,২৬২ টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। ২০২২ চনত ১,১১৩ টা, ২০২৩ চনত ৯৯৮ টা আৰু ২০২৪ চনত ৬ শতাধিক বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। তথ্য অনুসৰি দেশৰ বিজেপি শাসিত ৰাজ্যসমূহত সৰ্বাধিক নাৰীজনিত অপৰাধ সংঘটিত হৈছে। আমি আম আদমী পাৰ্টিয়ে এই জঘন্য পৰিবেশৰ অৱসান বিচাৰিছোঁ। ধৰ্ষণৰ অভিযুক্ত যি ধৰ্মৰে নহওঁক কিয় তেনে অপৰাধীৰ কঠোৰতম শাস্তি দাবী কৰিছোঁ।

সংবাদমেলত আপৰ নাৰী শক্তিৰ সাধাৰণ সম্পাদক মঞ্জু ডেকা হুছেইন আৰু অলকা ডেকাও উপস্থিত থাকে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd