NORTHEAST NOW (Assamese)

বনভোজলৈ যাবলৈ অনুমতি নিদিয়াৰ বাবেই মহানগৰীত ১৯বছৰীয়া যুৱতীৰ আত্মহত্যা!

January 11, 2022 9:45 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

বন্ধুবৰ্গৰ সৈতে বনভোজলৈ যাবলৈ অনুমতি নিদিয়াৰ বাবেই গুৱাহাটী মহানগৰীৰ পাথৰকুৱেৰি অঞ্চলৰ এগৰাকী ১৯ বছৰীয়া যুৱতীয়ে আত্মহত্যা কৰাৰ ঘটনা সংঘটি হৈছে।

সোমবাৰে সন্ধিয়া যুৱতীগৰাকীক তেওঁৰ কোঠাত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

তেওঁৰ অভিভাৱকে দাবী কৰা মতে এই ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁলোক ঘৰত নাছিল।

যুৱতীগৰাকী গুৱাহাটী মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বাৰ্ষিকীৰ ছাত্ৰী আছিল।

লগতে পঢ়ক: Transplant of pig heart into human body চিকিৎসা বিজ্ঞানৰ চমৎকাৰ! মানৱ দেহত গাহৰিৰ কলিজা সফলতাৰে প্ৰতিষ্ঠাপন; গঢ়িলে ইতিহাস

বাতৰি মতে যুৱতীগৰাকীৰ অভিভাৱকে হাতীশিলাৰ বনভোজস্থলীলৈ বনভোজৰ বাবে যোৱাত তেওঁক বাধা দিছিল।

বনভোজলৈ যাবলৈ নেপাই যুৱতীগৰাকী অসন্তুষ্ট হৈ পৰে আৰু এনে চৰম পদক্ষেপ গ্ৰহণ কৰে।

অভিভাৱকে যুৱতীগৰাকীক ততাতয়াকৈ হাস্পাতাললৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

ইপিনে, আৰক্ষীয়ে সমগ্ৰ ঘটনাটোক লৈ এক তদন্ত আৰম্ভ কৰিছে।  

Related News