ৰাজ্যত খালী হৈ আছে ১৯,২৩০টা উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষকৰ পদ

Siddhartha-Bhattacharya-768x882

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য। ফাইল ফটো।

বিগত চৰকাৰ সমূহৰ দৰে পৰিবর্তনকামী বিজেপি চৰকাৰৰ দিনতো অসমৰ শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে প্ৰতিখন বিদ্যালয়তে পৰ্যাপ্ত পৰিমানৰ শিক্ষক নিযুক্তি দিয়া হৈছে বুলি কৈ আহিছে যদিও বুধবাৰে সদনৰ মজিয়াত ইয়াৰ ফোপোলা স্বৰূপ পোহৰলৈ আহিছে।

বুধবাৰে সদনৰ মজিয়াত এ আই য়ু ডি এফৰ বিধায়ক অনন্ত কুমাৰ মালোৱে সোধা এক প্ৰশ্নৰ উত্তৰত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৰাজ্যত বৰ্তমান প্ৰাদেশীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ ১৯,২৩০টা শিক্ষকৰ পদ খালী হৈ আছে বুলি জনায়।

খালী হৈ থকা শিক্ষকৰ পদ সমূহৰ বিষয়ে বিধায়কগৰাকীয়ে জানিব বিচৰাত মন্ত্ৰী ভট্টাচাৰ্যই কয় যে শিক্ষকসকলে অৱসৰ গ্ৰহণ কৰাৰ পাছতহে বিভাগীয় কৰ্তৃপক্ষক বিষয়টো সন্দৰ্ভত অৱগত কৰে। সেয়ে নতুনকৈ নিযুক্তি দিয়াৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হয়।

মন্ত্ৰীগৰাকীয়ে এই বিষয়ে জানিবলৈ দি কয় যে এতিয়াৰে পৰা বিদ্যালয়ত অৱসৰ গ্ৰহণ কৰা শিক্ষকসকলে ছমাহ পূৰ্বে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিব লাগিব আৰু সেই ছমাহৰ ভিতৰত বিভাগে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলাই নিব। এই সন্দৰ্ভত শেহতীয়াকৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে সদনত জানিবলৈ দিয়ে।

ইয়াৰ উপৰি কংগ্ৰেছৰ এগৰাকী বিধায়কে জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দীৰ্ঘদিন ধৰি শিক্ষক নোহোৱাৰ কথা বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰে সদনত। বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ভট্টাচাৰ্যই নিজৰ ব্যৰ্থতাৰ কথা অকপটে স্বীকাৰ কৰি শিক্ষা বিভাগত অতীজৰে পৰা এনে অৰাজকতা চলি থকা বুলি উল্লেথ কৰে।