কঙ্গোত ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানত ভাগ লোৱা দুই বি এছ এফ জোৱানৰ মৃত্যু
আফ্ৰিকান ৰাষ্ট্ৰ কঙ্গোত ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানৰ অংশ হৈ থকা সীমান্ত সুৰক্ষা বাহিনীৰ দুজন জোৱান মঙলবাৰে হিংসাত্মক প্ৰতিবাদৰ সময়ত নিহত হয়। সীমান্ত সুৰক্ষা বাহিনীয়ে এক বিবৃতি যোগে এই কথা সদৰি কৰিছে।
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে দুয়োগৰাকী বীৰ জোৱানৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
এনে আক্ৰমণত জড়িত অপৰাধীসকলক জবাবদিহি কৰি নিহত সেনা কেইগৰাকীক ন্যায় প্ৰদান কৰিবলৈ তেওঁ লগতে দাবী জনায়।
নিহত দুয়ো জোৱান ডিআৰ কঙ্গোত ৰাষ্ট্ৰসংঘৰ ‘ইউনাইটেড নেচনচ্ অৰগেনাইজেশ্যন ষ্টেবিলাইজেশ্যন মিচন ইন দ্য ডেমক্ৰেটিক ৰিপাব্লিক অৱ দ্য কঙ্গো’, চমুকৈ MONUSCO ৰ অংশ আছিল।
সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) এজন মুখপাত্ৰই জানিবলৈ দিয়া অনুসৰি মৃত দুয়োজন বীৰ সৈনিক সেনা বাহিনীটোৰ হেড কনিষ্টবল পদবীত কৰ্মৰত আছিল।
নিহত সৈনিক দুগৰাকীক শিশুপাল আৰু এছ আৰ বিষ্ণৈ বুলি চিনাক্ত কৰা হৈছে। দুয়োগৰাকী জোৱান ৰাজস্থানৰ বাসিন্দা আছিল বুলি তেওঁ লগতে জানিবলৈ দিয়ে।
বিএছএফ- ৰ বিষয়া সকলে সদৰি কৰা তথ্য অনুসৰি কঙ্গোৰ সংঘৰ্ষজৰ্জৰ অঞ্চলটোত দুটা প্লাটুন মোতায়েন কৰা হৈছিল। চলিত বৰ্ষৰ মে’ মাহত এই প্লাটুন দুটা ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানত অন্তৰ্ভুক্ত কৰা হৈছিল।
ইফালে আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে ৰাষ্ট্ৰসংঘৰ মিছনৰ বিৰুদ্ধে কঙ্গোৰ পূব চহৰ গোমাত দ্বিতীয় দিনা হোৱা প্ৰতিবাদত কমেও পাঁচজন লোক নিহত আৰু প্ৰায় ৫০ জন লোক আহত হয়।