DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোন সঁচা, কোন মিছা: ইডিৰ জেৰা সন্দৰ্ভত বিপৰীত ভাষ্য আজমল আৰু কৰিমুদ্দিন বৰভূঞাৰ

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
July 27, 2022 12:14 pm
Badruddin Ajmal ED
126
VIEWS
Share on FacebookShare on Twitter

এইবাৰ কেন্দ্ৰীয় সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ই.ডি- এ প্ৰৱেশ কৰিছে অসমৰ ৰাজনীতিত। এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই দলৰ মুৰব্বী বদৰুদ্দিন আজমলক কেন্দ্ৰীয় সংস্থাটোৱে জেৰা কৰিছে বুলি দাবী কৰাৰ পিছত হঠাতে বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

কৰিমুদ্দিন বৰভূঞাই মঙ্গলবাৰে সংবাদ মাধ্যমৰ আগত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল ইডিৰ ৰোষত পৰিছে বুলি অভিযোগ কৰিছিল।

বৰভূঞাই অভিযোগ কৰিছিল যে আয়ৰ উৎস বিচাৰি তিনিবাৰকৈ ইডি-এ আজমলক জেৰা কৰিছে। কেৱল বদৰুদ্দিন আজমলেই নহয়, তেওঁৰ কনিষ্ঠ ভাতৃ ছিৰাজুদ্দিন আজমলকো সংস্থাটোৱে জেৰা কৰিছে বুলি কৰিমুদ্দিন বৰভূঞাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল।

আজমল ভাতৃদ্বয়ৰ বিৰুদ্ধে ৰাজনৈতিক অভিসন্ধি পূৰণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইডিৰ ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল বিধায়কগৰাকীয়ে।

পিছে দলৰ বিধায়ক গৰাকীৰ এই মন্তব্যৰ বিপৰীতে সম্পূৰ্ণ এক পৃঠক স্থিতি গ্ৰহণ কৰিছে বদৰুদ্দিন আজমলে। ইডিৰ জেৰা সন্দৰ্ভত সম্পূৰ্ণ ভুৱা খবৰ প্ৰচাৰ হৈছে বুলি আজমলে মন্তব্য কৰিছে।

এক ভিডিঅ’ বাৰ্তাযোগে আজমলে ইডি – এ তেওঁক কেতিয়াও জেৰা কৰা নাই বুলি দাবী কৰে।

তেওঁ কয় যে যোৱা তিনিদিন ব্যৱসায় সংক্ৰান্তত তেওঁ বাংগালুৰুত আছিল আৰু এই সময়ত তেওঁৰ দিল্লীস্থিত বাসভৱনত ইডি- ৰ অভিযান চলা বুলি যি বাতৰি প্ৰচাৰ হৈছে সেয়া ১০০ শতাংশ মিছা বাতৰি।

পিছে দলীয় বিধায়ক কৰিমুদ্দিন বৰভূঞা আৰু আজমলৰ এই বিপৰীত ভাষ্যই সন্দেহৰ সৃষ্টি কৰিছে। যোৱা কিছুদিন ধৰি বদৰুদ্দিন আজমলৰ এআইইউডিএফ আৰু বিজেপিৰ মাজত গোপন মিতিৰালি চলা বুলি অভিযোগ উঠি আহিছে।

নিজৰ ব্যৱসায়ৰ স্বাৰ্থত আজমলে শাসকীয় বিজেপি দলক সহায় আগবঢ়াই আহিছে বুলি অভিযোগ কৰি আহিছে বিৰোধী ৰাজনৈতিক দলৰ লগতে ৰাজনৈতিক বিশ্লেষক সকলে।

সেয়েহে আজমল তথা এআইইউডিএফৰ এই এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ইডি- ৰ এই বিতৰ্কৰ দ্বাৰা এই অভিযোগসমূহক নস্যাৎ কৰিবলৈ বিচৰা হৈছে বুলি ব্যাপক চৰ্চা চলিছে।

Recent News

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Independence Day

ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তীৰ দুটা ভাষণ

AASU Chitta Basumatary

প্ৰাক্তন আছু নেতাৰ কবিতাই জোকাৰিছে ফেচবুক: কি আছে এই কবিতাত!

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd