এক আজৱ কাণ্ড সংঘটিত কৰি গ্ৰেপ্তাৰ হৈছে দুজন যুৱক।
বাথটাবত গাখীৰে স্নান কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে উগুৰ টুটগুটসহ আন এজন যুৱক।
ঘটনাৰ বিৱৰণীৰ মতে তুৰস্কৰ কোনয়াৰ এটা ডেইৰী ফাৰ্মত কৰ্মৰত উক্ত যুৱকদ্বয়ে বাথটাবত গাখীৰে গাই ধুই থকা এটা ভিডিঅ’ ৰেকৰ্ডিং কৰি ভাইৰেল কৰিছিল।
ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে ইয়াৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে তদন্ত কৰি টুটগুৰসহ ভিডিঅ’টো ৰেকৰ্ডিং কৰা যুৱকজনকো গ্ৰেপ্তাৰ কৰিছে।
ভিডিঅ’টো দেখা যায় যে যুৱকজনে বাথটাবত গাখীৰেৰে স্নান কৰি আছে। এটা মগেৰে মূৰৰ পৰা শৰীৰত গাখী ঢলাৰ দৃশ্য স্পষ্ট ৰূপত দেখা গৈছে ভিডিঅ’টোত।
অলপ দূৰৰ পৰা এই কাৰ্য অন্য এজন যুৱকে ভিডিঅ’ ৰেৰ্কডিং কৰে। ইয়াৰ পিছতে এই ভিডিঅ’টো চ’ছিয়েল মিডিয়াত ভাইৰেল কৰে যুৱকজনে।
চ’ছিয়েল মিডিয়াত ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে স্বাস্থ্য সুৰক্ষাজনিত বিষয় হিচাপে বিষয়টো তুলি ধৰি আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী তোলে স্থানীয় লোকে। কাৰণ, উক্ত ফাৰ্মৰ পৰা বহুলোকে গাখীৰ ক্ৰয় কৰে।
ইয়াৰ পিছতে আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে।
আৰক্ষীয়ে উক্ত ডেইৰী ফাৰ্মখনত অভিযান চলাই ঘটনাটোত জড়িত দুই যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে এই কামত ব্যৱহাৰ কৰা সকলো সা-সৰঞ্জাম জব্দ কৰে।
ইফালে দেশখনৰ কৃষি আৰু বন মন্ত্ৰণালয়ে সাধাৰণ লোকৰ স্বাস্থ্যৰ কথা লক্ষ্য ৰাখি উক্ত ডেইৰী ফাৰ্মখনো বন্ধ কৰি দিছে।