‘ৰকষ্টাৰ্চ’ৰ মুক্ত বিচৰণ: কুনোৰ বনাঞ্চলত মুকলি হ’ল এল্টন আৰু ফ্ৰেডী

Cheetahs Released At Kuno

এল্টন আৰু ফ্ৰেডী; অৱশ্যে দুয়ো অধিক পৰিচিত ৰকষ্টাৰ্ছ নামেৰেহে। এই দুই ৰকষ্টাৰ্ছক অৱশেষত মুক্ত বিচৰণৰ বাবে এৰি দিয়া হ’ল মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত। বুধবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত দুই ৰকষ্টাৰ্ছক কুনোৰ বনাঞ্চলত মুকলি কৰি দিয়ে বন বিভাগে।

ৰকষ্টাৰ্ছ নামেৰে জনপ্ৰিয় এই এল্টন আৰু ফ্ৰেডী হৈছে নামিবিয়াৰ পৰা দেশলৈ অনা দুটা চিতা বাঘৰ নাম। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত আফ্ৰিকান দেশখনৰ পৰা ভাৰতলৈ অনা আঠটা চিতাৰ মাজৰ অন্যতম আছিল এল্টন আৰু ফ্ৰেডী।

কালিৰ এই দুয়োটা বাঘৰ সৈতে নামিবিয়াৰ পৰা আমদানি কৰা আঠটা চিতাৰ ভিতৰত চাৰিটা চিতাক শ্বেওপুৰ জিলাৰ উদ্যানখনৰ বনাঞ্চলত এৰি দিয়া হৈছে।

শ্বেওপুৰৰ বিভাগীয় বন বিষয়া (ডিএফঅ’) পি কে বাৰ্মাই সংবাদ মাধ্যমক অৱগত কৰা মতে, বনাঞ্চলত মুকলি কৰি দিয়াৰ পিছত দুয়োটা চিতা বনাঞ্চলৰ পৰিৱেশত ভালদৰে মিলি গৈছে আৰু দুয়োটা চিতাৰে স্বাস্থ্য অটুট আছে।

উল্লেখ্য যে যোৱা ১১ মাৰ্চত আন দুটা চিতা ওবান আৰু আছাক নামিবিয়াৰ পৰা অনাৰ প্ৰায় ছয় মাহ পিছত কুনো ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলৰ এৰি দিয়া হৈছিল।

ভাৰতত বিগত শতিকাৰ আশী দশকৰ প্ৰথমচোৱাতে চিতা প্ৰজাতিৰ বিলুপ্তি ঘটাৰ পিছত দেশত পুনৰ চিতাৰ জনসংখ্যা বৃদ্ধিৰ লক্ষ্যৰে নামিবিয়াৰ পৰা অনা হৈছিল এই আচটা চিতা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বৰ্ষৰ ১৭ ছেপ্টেম্বৰত উদ্যানখনৰ এক বিশেষ বেষ্টনীত চিতাসমূহ মুকলি কৰিছিল। ইয়াৰ পিছতে চলিত বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ পৰা পুনৰ ১২ টা চিতা কুনোলৈ অনা হৈছিল।