NORTHEAST NOW (Assamese)

টীয়কত দুই শতাধিক সংখ্যালঘু লোকৰ বিজেপিত যোগদান

February 16, 2021 6:33 pm · নিৰ্মলেন্দু পাঠক

ৰাজ্যত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ শক্তি প্ৰদৰ্শনত ব্যস্ত হৈ পৰিছে।

শাসকীয় বিজেপি দলে দলৰ প্ৰতিটো স্তৰতে সাংগঠনিক ভেটি মজবুত কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।

টীয়ক বিজেপিয়ে আজি টীয়কৰ বলমা পঞ্চায়তৰ নদীতলী অঞ্চলত অনুষ্ঠিত কৰা এই যোগদান কাৰ্য্যসূচীত দুই শতাধিক সংখ্যালঘু ভোটাৰে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে।

বিজেপিৰ নেতা-কৰ্মী সকলক দলীয় টুপী পৰিধান কৰাই আনুষ্ঠানিকভাৱে দলটোলৈ আদৰণি জনায়।

যিটো সময়ত বিৰোধী শক্তিসমূহে বিজেপি দলক সাম্প্ৰদায়িক হিচাপে তুলি ধৰিবলৈ সুযোগ বিচাৰি আছে সেই সময়ত টীয়কত শতাধিক সংখ্যালঘু ভোটাৰে বিজেপিত যোগদান কৰা বাতৰিয়ে দলটোক নিৰ্বাচনৰ পূৰ্বে অধিক মজবুত কৰি তুলিব বুলি টীয়কৰ বিজেপি কৰ্মী সকলে আশা ব্যক্ত কৰিছে।

Related News