• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

২২ ৰ পৰা২৬ মাৰ্চলৈ : বোকাখাতত “প্ৰয়াস”ৰ উদ্যোগত গ্ৰন্থ মেলাৰ আয়োজন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 8, 2024 7:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতত অহা ২০২৫ বৰ্ষৰ ২২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ পাঁচ দিনীয়া ‘বোকাখাত গ্ৰন্থমেলা ২০২৫’ ৰ আয়োজন কৰা হৈছে।

আজি বোকাখাত জাতীয় বিদ্যালয় প্ৰাংগনত ‘বোকাখাত গ্রন্থমেলা ২০২৫’ শীর্ষক এখনি গ্রন্থমেলা অনুষ্ঠিত কৰাৰ উদ্দেশ্যে মুখ্য আহ্বায়ক সংগঠন বোকাখাতৰ প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত বৃহত্তৰ বোকাখাতৰ সচেতন নাগৰিকক লৈ এখন উদযাপন সমিতি গঠন কৰা হয়। প্ৰস্তাৱিত ‘বোকাখাত গ্ৰন্থমেলা ২০২৫’ ৰ অন্যতম আহ্বায়ক পল্লৱ  হাজৰিকাই আঁত ধৰা প্ৰস্তুতি সভাৰ সভাপতিত্ব কৰে সভাপতি মণ্ডলী ক্ৰমে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বিশিষ্ট সাহিত্যিক তথা প্ৰয়াস অধ্যয়ন চক্ৰৰ সভাপতি নিজৰা বৰঠাকুৰ, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বোকাখাত শাখাৰ সভাপতি আনিছুৰ ৰহমান, অসম সাংস্কৃতিক মহাসভাৰ বোকাখাত আঞ্চলিকৰ সভাপতি মনোৰঞ্জন সেন, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ আৰু প্ৰয়াস অধ্যয়ন চক্ৰৰ উপদেষ্টা অমৰ কাকতি, সাহিত্যিক পেঞ্চনাৰ তথা বিশিষ্ট কবি দিলীপ ফুকনে।

Apply Now

সভাপতি মণ্ডলীৰ হৈ সভা পৰিচালনা কৰে দিলীপ ফুকনে। যুটীয়া মুখ্য সমন্বয়ক ড° বিদ্যুৎ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰে। সভাত উদ্দ্যেশ্য সন্দৰ্ভত সামগ্ৰিক আলোকপাত কৰে অন্যতম যুটীয়া সমন্বয়ক সোণেশ্বৰ নৰহে। সভাত সদ্যঘোষিত অসম চৰকাৰৰ ‘পৰিৱেশ মিত্ৰ বঁটা ২০২৪’ৰ প্ৰাপক উত্তম শইকীয়া আৰু সদ্য সাহিত্যিক পেঞ্চন প্ৰাপক দিলীপ ফুকন,দেশৰ ২২ টা ৰাজ্যিক ভাষাত ৫০০ৰো অধিক ৰেডিঅ’ চেন্টাৰত নাটক প্ৰচাৰৰ কৃতিত্ব লাভ কৰা ঋতুপৰ্ণ দাস, সাহিত্যিক বঁটা লাভ কৰা মিনতি দলে, ৰাষ্ট্ৰীয়ভাবে  ডবা খেল প্ৰশিক্ষক হিচাপে স্বীকৃতি লাভ কৰা ধ্ৰুৱজ্যোতি সাহা, চৰাই আৰু প্ৰকৃতিৰ বাবে বঁটা লাভ কৰা আবিদূৰ ৰহমানলৈ আজিৰ গ্ৰন্থমেলা প্ৰস্তুতি সভাক উপহাৰ বুলি প্ৰকাশ কৰে আৰু উপস্থিত ৰাইজে এজাউৰি হাত চাপৰিৰে শুভেচ্ছা আৰু অভিবাদন জ্ঞাপন কৰে। সভাত উপস্থিত দিলীপ ফুকন আৰু উত্তম শইকীয়াক এটিকৈ গ্ৰন্থৰ টোপোলা আৰু ফুলৰ তোৰাৰে সম্বৰ্ধনা জনোৱা হয়।

নুমলীগড় শোধনাগাৰৰ মহাপ্ৰৱন্ধক মিণ্টু সন্দিকৈক সভাতে সম্বৰ্ধনা প্ৰদান কৰে। সভাত সভাপতি মণ্ডলীৰ লগতে আৰু বক্তব্য প্ৰদান কৰে ক্ৰমে মিণ্টু সন্দিকৈ, জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট প্ৰকৃতিকৰ্মী উত্তম শইকীয়া, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লোকশিল্পী তথা ঢোলৰ ওজা ধনেশ্বৰ শইকীয়া, অৱসৰপ্ৰাপ্ত বেংক বিষয়া অমৃৎ নাথ, বিশিষ্ট সংগীত শিল্পী বিজয় শৰ্মা, বিশিষ্ট সমাজকৰ্মীদ্বয় নৱজ্যোতি ৰাজখোৱা আৰু দেৱজিৎ বৰা আদিয়ে। উল্লেখ্য যে বোকাখাতত সাংবাদিকতাৰ বাটকটীয়া তথা আপকুৰ কেন্দ্ৰীয় প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ভৱেশ শইকীয়াৰদ্বাৰা সংগৃহীত এসময়ৰ উল্লেখনীয় আলোচনী ‘চোভিয়েট দেশ’ (অসমীয়া) আৰু ‘চোভিয়েট লেণ্ড’ (ইংৰাজী), ৰাছিয়াৰ ভষ্টক পাবলিকেশ্যন আৰু কলকাতাৰ প্ৰগ্ৰেছিভ বুক পাব্লিকেচনৰ প্ৰকাশিত বহু সংখ্যক গ্ৰন্থ প্ৰয়াত শইকীয়াৰ পুত্ৰ উত্তম শইকীয়াই আজিৰ সভাতে বোকাখাত জাতীয় বিদ্যালয় কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। কলিয়াবৰৰ গীতিকাৰ, সুৰকাৰ নয়ন শইকীয়াৰ লিখিত আৰু ৰচিত গীতটি গ্ৰন্থমেলাৰ শীৰ্ষ গীত হিচাবে গ্ৰহণ কৰা হয়। সভাতে দিলীপ ফুকনক সভাপতি, কাৰ্যকৰী সভাপতি ড’ ৰুবী বৰা, উপ-সভাপতি অজিত গগৈ আৰু ক্ৰমে ড° বিদ্যুৎ শইকীয়া, শশাংক ধৱল শইকীয়া, সুব্ৰত পুৰকায়ষ্ঠক সম্পাদক হিচাবে লৈ গ্ৰন্থমেলাৰ উদযাপন সমিতিখন গঠন কৰা হয়। গ্ৰন্থমেলাত ৫ খন একাংকিকা আৰু ৫ খন পূৰ্ণাংগ ৫ খন অনুষ্ঠিত হোৱাৰ কথাও ঘোষণা কৰা হয়। অনুষ্ঠানত গ্ৰন্থমেলা প্ৰস্তুতিৰ আহ্বায়ক মণ্ডলী, প্ৰয়াস অধ্যয়ন চক্ৰৰ বিষয় ববীয়া, সদস্য, বোকাখাত জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ইনজু আহমেদ, বিদ্যালয়ৰ একাংশ শিক্ষক শিক্ষয়িত্ৰী, বিশিষ্ট শিল্পী, কবি, নাট্যকৰ্মী, লেখক, সাংস্কৃতিককৰ্মী, সমাজকৰ্মী, একাংশ স্থানীয় সাংবাদিককে ধৰি বোকাখাতৰ ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বোকাখাত গ্ৰন্থমেলা ২০২৫ ৰ মুখ্য সমন্বয়কদ্বয় ড° বিদ্যুৎ বৰুৱা আৰু সোণেশ্বৰ নৰহে সহায় সহযোগেৰে সামগ্ৰিকভাৱে বোকাখাত গ্ৰন্থমেলা ২০২৫ সফল কৰি তুলিবলৈ ৰাইজলৈ আহ্বান জনায়। পৰবৰ্তী ১৪ ডিচেম্বৰ শনিবাৰে বিয়লি ২ বজাত পূৰ্ণ সমিতি গঠন আৰু উপসমিতিৰ আহ্বায়ক মণ্ডলী গঠন কৰাৰ কথা ঘোষণা কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd