নাৰায়ণা ছুপাৰ-স্পেচিয়েলিটি হস্পিটালত ‘হিপ ৰিপ্লেছমেণ্ট’ অস্ত্ৰেপচাৰ সম্পন্ন

Narayana_Superspeciality_Hospital_Guwahati-570x320

নাৰায়ণা ছুপাৰ-স্পেচিয়েলিটি হস্পিটালৰ চিকিৎসকৰ এটা দলে হিপ ৰিপ্লেছমেণ্ট অস্ত্ৰেপচাৰ সফলতাৰে সম্পন্ন কৰে। এজন ২৫ বছৰীয়া ৰোগীৰ এই অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়। চিকিৎসালয়খনে সম্পন্ন কৰা এইটো প্ৰথম এনে ধৰণৰ অস্ত্ৰোপচাৰ।

চিকিৎসা বিজ্ঞানৰ ভাষাত অতি শংকাজনক (high risk) অস্ত্ৰোপচাৰ হিচাপে শ্ৰেণীভুক্ত এই অস্ত্ৰোপচাৰটো শ্বিলঙৰ আফতাব আলম নামৰ লোকজনৰ ওপৰত সম্পন্ন কৰা হয়।

নাৰায়ণা ছুপাৰ-স্পেচিয়েলিটি হস্পিটালৰ কনছালটেণ্ট অৰ্থোপেডিক ছাৰ্জন ডা০ সমৰজীৎ খনিকৰৰ নেতৃত্বত সফলতাৰে সম্পন্ন কৰা হয়।

এখন গেলামাল দোকানেৰে জীৱিকা নিৰ্বাহ কৰা আফতাবে শ্বিলঙত তেওঁৰ বাওঁফালৰ তপিনাত যক্ষ্মাৰ সংক্ৰমণৰ চিকিৎসা কৰিছিল। এই ৰোগত তেওঁৰ তপিনাৰ ব’ল আৰু ছকেটৰ স্থায়ী ক্ষতি হৈ প্ৰায় লৰচৰ কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছিল।

আফতাবে তেওঁ এটা দুৰ্বিষহ যন্ত্ৰণাৰ মাজেৰে জীয়াই থাকিবলগীয়া হৈছিল।

আফতাবে শ্বিলঙত বিভিন্ন চিকিৎসালয়লৈ গৈ চিকিৎসা কৰাইছিল আৰু তেওঁৰ অসুখটো চিকিৎসা বিজ্ঞানৰ ভাষাত এভাছকুলাৰ নেক্ৰছিছ অব ফেৰ’মেল হেড উইথ ছেকেণ্ডাৰী অষ্টিঅ’আৰ্থ্ৰাইটিছ (avascular necrosis of femoral head with secondary osteoarthritis) অৰ্থাৎ  ৰক্তনলিকা বন্ধ হৈ ফেম’ৰেল হেডৰ কোষসমূহ মৰি যোৱা আৰু দ্বিতীয় পৰ্যায়ৰ কাৰ্টিলেজ ক্ষয়জনিত জোৰা ফুলা ৰোগ  বুলি চিনাক্ত কৰা হৈছিল। এই ৰোগত তপিনাৰ জোৰাৰ সমমিতি নোহোৱা হয়।

সময় যোৱাৰ লগে লগে ৰোগাক্ৰা্ত আফতাবৰ দেহত তেজৰ পৰিমাণ কমি অহাৰ লগে লগে তেওঁৰ তপিনাৰ জোৰাৰ বিষৰ প্ৰাৱল্য বাঢ়িবলৈ ধৰে।

তাৰ পাছত আফতাবক সম্পূৰ্ণ হিপ ৰিপ্লেছমেণ্ট অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়া হয়।

ড০ খনিকৰে কয় যে সঠিক চিকিৎসাৰ অভাৱত আফতাবৰ অৱস্থা ক্ৰমে বেয়াৰ ফালেগতি কৰিছিল। তেওঁৰ লৰচৰ কৰিব পৰাটো সীমিত হৈ আহিছিল আৰু ফলত তেওঁ আনৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হৈ পৰিছিল।

ড০ খনিকৰে কয় যে ৰোগীৰ ব’ল আৰু ছকেট গুচাই দি কৃত্ৰিম ব’ল আৰু ছকেট সংৰোপিত কৰা হৈছিল।

উল্লেখ্য যে গুৱাহাটীৰ নাৰায়ণা ছুপাৰ-স্পেচিয়েলিটি হস্পিটালে অত্যন্ত কম খৰছত আঠু আৰু তপিনাৰ পুনঃসংস্থাপন অস্ত্ৰোপচাৰ সম্পন্ন কৰি আহিছে।