• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

কেৰিবিয়ানত সমৰ সজ্জাত ২৫০০ সেনা আৰু যুদ্ধজাহাজ : কিউবাত সামৰিক অভিযানৰ প্ৰস্তুতি চলাইছে নেকি আমেৰিকাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2026 9:30 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাই কেৰিবিয়ান অঞ্চলত কেইবাখনো যুদ্ধজাহাজ, বৃহৎ সংখ্যক সেনা আৰু যুদ্ধবিমান মোতায়েন কৰিবলৈ আৰম্ভ কৰিছে। পলিটিকো নামৰ এটা সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিবেদনত এই দাবী কৰা হৈছে। এই খবৰ পোহৰলৈ অহাৰ পিছৰে পৰা সমগ্ৰ বিশ্বতে চৰ্চা আৰম্ভ হৈছে যে আমেৰিকাই কিউবাত কোনো সামৰিক অভিযান চলাবলৈ প্ৰস্তুতি চলাইছে নেকি। প্ৰতিবেদনখনৰ মতে, যদি কিউবাত সামৰিক অভিযান চলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে যাতে পলম নকৰাকৈ তৎকালিনভাৱে ব্যৱস্থা ল’ব পৰা যায়, তাৰ বাবেই পেণ্টাগনে এই আগতীয়া প্ৰস্তুতি চলাইছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও পশ্চিম এছিয়াত সামৰিক সংঘাত আৰম্ভ হোৱাৰ ঠিক আগে আগে আমেৰিকাই এইদৰেই সেনা আৰু যুদ্ধজাহাজ মোতায়েন কৰা আৰম্ভ কৰিছিল। সেই সময়তো উপসাগৰীয় অঞ্চলত আমেৰিকাৰ এই তৎপৰতাক লৈ নানা সন্দেহৰ সৃষ্টি হৈছিল। পাছত দেখা গ’ল যে তাৰ কিছুদিনৰ ভিতৰতে আমেৰিকা আৰু ইজৰাইলে ইৰানত সামৰিক অভিযান আৰম্ভ কৰে, যি যুদ্ধ এতিয়াও চলি আছে। এই যুদ্ধৰ পৰিৱেশৰ মাজতে এতিয়া আকৌ কেৰিবিয়ান অঞ্চলত আমেৰিকাই সেনা মোতায়েন কৰাৰ বাবে কিউবাক কেন্ৰ কৰি আন এক সামৰিক অভিযানৰ জল্পনা-কল্পনা বৃদ্ধি পাইছে।

Apply Now

প্ৰতিবেদন অনুসৰি আমেৰিকাৰ যুদ্ধজাহাজ ইউ এছ এছ নিমিটজ ইতিমধ্যে কেৰিবিয়ান অঞ্চলত উপস্থিত হৈছে। ইয়াৰ উপৰিও ২৫০০ মেৰিন সেনা লৈ আন এখন যুদ্ধজাহাজ ইউ এছ এছ কিয়াৰচাৰ্জ কেৰিবিয়ানৰ দিশে আগবাঢ়িছে। পেণ্টাগনৰ এজন উচ্চপদস্থ বিষয়া মাৰ্ক কানচিয়ানে ইংগিত দিছে যে যিকোনো আক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰাথমিক অৱস্থাত এই সামৰিক শক্তি মোতায়েন কৰা হৈছে যদিও প্ৰয়োজন হ’লে ইয়াক সামৰিক অভিযানৰ বাবেও ব্যৱহাৰ কৰা হ’ব। অৱশ্যে যোৱা ১০ মাহতকৈও অধিক সময় ধৰি কেৰিবিয়ান অঞ্চলত আমেৰিকাৰ কেইবাখনো যুদ্ধজাহাজ আছিল। কিন্তু শেহতীয়াকৈ যিদৰে হঠাতে সেনাৰ তৎপৰতা বৃদ্ধি কৰা হৈছে, সি নতুন সামৰিক অভিযানৰ আশংকাক অধিক তীব্ৰ কৰি তুলিছে।

পশ্চিম এছিয়াৰ যুদ্ধ চৰম পৰ্যায়ত থকাৰ সময়তে যোৱা মাৰ্চ মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সকীয়াই দিছিল যে ইৰানৰ যুদ্ধ শেষ হোৱাৰ পিছতে কিউবাৰ ওপৰত চকু দিয়া হ’ব। সেই সময়ত ট্ৰাম্পে কৈছিল যে কিউবাৰ কমিউনিষ্ট চৰকাৰৰ পতন এতিয়া মাথোঁ সময়ৰ কথা। তেওঁ কিউবাক এখন দুৰ্বল দেশ বুলিও উল্লেখ কৰিছিল। ইয়াৰ উপৰিও ভেনিজুৱেলাত সামৰিক অভিযান চলোৱাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰিছিল যে কিউবা দখল কৰাটো এতিয়া কেৱল সময়ৰ কথাহে। গতিকে কেৰিবিয়ান অঞ্চলত আমেৰিকান সেনাৰ এই নতুন তৎপৰতাই ট্ৰাম্পৰ সেই পুৰণি ভাবুকিৰ কথাই সকলোকে পুনৰ সোঁৱৰাই দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm
উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

July 21, 2026 7:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd