NORTHEAST NOW (Assamese)

সত্ৰপীঠ মাজুলীক শিশু বিজ্ঞানীয়ে পৰিণত কৰিলে বিজ্ঞান নগৰীলৈ

October 24, 2018 8:37 am · মিটু খাটনিয়াৰ
Updated: October 24, 2018 8:47 am
প্ৰতিনিধিত্বমূলক ছবি

সোমবাৰৰ পৰা মাজুলীত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ২৬ সংখ্যক ৰাজ্যিক সমাৰোহ । ২৩ অক্টোবৰৰ পৰা অহা ২৬ অক্টোবৰ লৈকে  মাজুলীৰ পৱিত্ৰ ভূমিত অনুষ্ঠিত হোৱা এই সমাৰোহ খনিত ৰাজ্যৰ ৩৩খন জিলাৰ ২৮৬ গৰাকী শিশু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিছে।

শিশু বিজ্ঞানীসকলৰ উপৰি তেওঁলোকৰ বিজ্ঞান গুৰুসকল, শিশু বিজ্ঞান সমাৰোহৰ বিভিন্ন জিলা তথা ৰাজ্যিক স্তৰৰ কৰ্মকৰ্তা আৰু অতিথি হিচাপে আমন্ত্ৰিত দেশ তথা ৰাজ্যৰ কেইবাগৰাকী আগশাৰীৰ বিজ্ঞানী আৰু বিশিষ্ট ব্যক্তিয়ে ভাগ লৈছে।

আধ্যাত্মিক বাতাবৰণেৰে বিধৌত, সংস্কৃতিৰ বৰঘৰ মাজুলীত এনে এখন বিজ্ঞান মহাসমাৰোহ অনুষ্ঠিত হোৱাত সমগ্ৰ মাজুলীবাসী গৌৰাম্বিত। এই ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ সৰ্বতো প্ৰকাৰে সাফল্যমণ্ডিত কৰাৰ লগতে “অতিথি দেৱো ভৱ” আৰু “মাজুলীৰ গৰিমা সৰ্বোপৰি” মূলমন্ত্ৰ সাৰোগত কৰি অতিথি সকলক নদীদ্বীপ জিলাখনলৈ আদৰাৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ প্ৰতিগৰাকী মাজুলীবাসীকে অনুৰোধ জনাইছে মাজুলীৰ উপায়ুক্ত শ্ৰীদেৱপ্ৰসাদ মিশ্ৰই।

আনহাতে মাজুলী মহাবিদ্যালয়ত অনুষ্ঠিত হৈ থকা এই সমাৰোহত অংশ লোৱাৰ উদ্দেশ্যে আজি মাজুলীত উপস্থিত হ’বহি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

Related News