এগৰাকী ২৭ বছৰীয়া যুৱতী প্ৰেমিকৰ শৰীৰত এছিড নিক্ষেপ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে। যোৱা মংগলবাৰে ভুক্তভোগী পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱতী গৰাকীক।
ঘটনাটো সংঘটিত হৈছে ত্ৰিপুৰাৰ খুৱৈত।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰেমিকা বীণা ছন্থাল আৰু ৩০ বছৰীয়া চুমেন ছন্থালৰ মাজত বিগত ৯ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। ২০১০ চনত পুণেত দুয়ো লগ পোৱাৰে পৰা দুয়োৰে মাজত এই সম্পৰ্ক অব্যাহত আছিল।
বীণাই নিজৰ শিক্ষা জীৱন সমাপ্ত কৰি পুণেত দৈনিক মজুৰিৰে ঘৰুৱা সহায়কাৰীৰ কাম কৰিছিল আৰু চুমেনে এটা প্ৰাইভেট কোম্পানীত যোগদান কৰিছিল।
ইয়াৰ পিছতে ২০১৯ চনত চুমেনে পুণেৰ পৰা ত্ৰিপুৰালৈ উভিত আহে আৰু তেতিয়াৰে পৰা বীণাৰে যোগাযোগ নৰখা হয়। বীণাই এবছৰ ধৰি চুমেনৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিও ব্যৰ্থ হোৱাৰ পিছত চুমেনৰ সন্ধানত ত্ৰিপুৰালৈ আহে।
অৱশেষত যোৱা ১৯ অক্টোবৰত ত্ৰিপুৰা খুৱৈত সন্ধান লাভ কৰি সাক্ষাৎ কৰে চুমেনক। কিন্তু চুমেনৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰে যদিও চুমেনে তাইৰ লগত কথা পাতিবলৈ সন্মত নহয়।
প্ৰেমিক চুমেনে এইদৰে অৱজ্ঞা কৰাত উত্তেজিত হৈ বীণাই তেওঁৰ মুখমণ্ডলৈ এছিড নিক্ষেপ কৰে।
এছিড নিক্ষেপ কৰা লগে লগে চুমেনৰ মুখমণ্ডল জ্বলি যায় আৰু তেওঁক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰ পিছত সংকটজনক অৱস্থাত চুমেনক আগৰতলাৰ গোবিন্দ বল্লৱ পান্ট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
ইতিমধ্যে প্ৰেমিকা বীণা ছন্থালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালত হাজিৰ কৰোৱাই আৰু আদালতে বীণাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
“ভুক্তভোগীজনৰ পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত মংগলবাৰে সন্ধিয়া আমি অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰিছো।” তদন্তকাৰী আৰক্ষী বিষয়া ছইদ উদ্দিনে কয়।