মাজে মাজে অভিযোগ শুনা যায় কেব চালকসকলৰ অতপালিৰ বিষয়ে।
বিশেষকৈ অকলশৰীয়া মহিলা যাত্ৰীক কেবৰ চালকে উদ্ভণ্ডালি কৰা বাতৰিয়ে মাজে মাজে সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰে।
এইবাৰ পুনৰ তেনে এক ঘটনা সংঘটিত হৈছে।
ঘটনাটো মুম্বাইৰ। পুনেৰ পৰা মুম্বাইলৈ আহি থকা পথত সংঘটিত হৈছিল ঘটনাটো।
তেজস্বিনী দিব্যা নায়ক নামৰ এগৰাকী ২৮ বছৰীয়া যুৱতীয়ে যোৱা ২১ ফেব্ৰৱাৰিত পুনেৰ পৰা মুম্বাইলৈ এখন উবেৰ বুক কৰিছিল।
পুনেৰ পৰা মুম্বাইলৈ আহি থকা পথত উবেৰ চালকজনে প্ৰথমে ফোনত কথা পাতি থকাত যাত্ৰীগৰাকীয়ে কথা পাতিবলৈ মানা কৰে।
ফোনত কথা পতা বন্ধ কৰি চালকজনে টোপনিয়াবলৈ ধৰে। তেজস্বিনীৰ মতে ড্ৰাইভাৰজন টোপনিওৱাৰ ফলত কথপমি তেওঁলোক এক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে।
এই ঘটনাৰ ফলত তেজস্বিনীয়ে চালকজনক আধা ঘণ্টা শুবলৈ কৈ নিজে গাড়ীখন চলাবলৈ প্ৰস্তাৱ দিয়ে।
চালকজনে সেই প্ৰস্তাৱ মানি লৈ যদিও তেওঁ আৰু শোৱাৰ পৰা নুঠিল আৰু গোটেই পথছোৱা তেজস্বিনীয়ে গাড়ী চলাবলগীয়া হয়।
বাটতে অপল সময় ৰৈ তেজস্বিনীয়ে চালকজনে শুই থকা ফ’টো আৰু ভিডিঅ’ তোলে।
মুম্বাইৰ গন্তব্য স্থান পোৱাৰ পিছতহে চালকজন শোৱাৰ পৰা উঠে।
ঘটনাটো ২১ ফেব্ৰুৱাৰিৰ যদিও তেজস্বিনী দিব্যা নায়কে বহু পলমকৈ নিজৰ টুইটাৰ একাউন্টত এটা ভিডিঅ’ৰ সৈতে শ্বেয়াৰ কৰিছে।
thanking god I’m alive right now and I wasn’t asleep when this happened & that I know how to drive.@Uber @Uber_Support @Uber_India I am seething with anger right now. how dare they drive if they’re not well rested? how dare they put anyone else’s life at risk?
part 1 #uber pic.twitter.com/lUUFXpHCQS— tejaswinniethepooh (@teja_main_hoon_) February 21, 2020
তেজস্বিনী বলিউদৰ ছবি উদ্যোগত কৰ্মৰত। তেওঁ ঘটনাৰ সন্দৰ্ভত উবেৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাত কৰ্তৃপক্ষই চালকজনৰ ড্ৰাইভাৰ পাৰ্টনাৰশ্বিপ বাতিল কৰিছে।