NORTHEAST NOW (Assamese)

Zee Newsৰ ২৮গৰাকী কৰ্মচাৰী কোভিড-১৯ পজিটিভ; ছীল কৰা হ’ল ষ্টুডিঅ’

May 19, 2020 7:44 am · এন ই নাও নিউজ
প্রতিনিধিত্বমূলক ফটো

ৰিপ’ৰ্টাৰকে ধৰি Zee মিডিয়াৰ মুঠ ২৮গৰাকী কৰ্মচাৰীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

সংবাদ মাধ্যম গোষ্ঠাটোৱে কয় যে কৰ্মচাৰীসকলৰ কৰ’না পজিটিভ ওলোৱাৰ পাছত সোমবাৰে ইয়াৰ নতুন দিল্লীৰ কাৰ্যালয়, নিউজ ৰুম আৰু ষ্টুডিঅ’ ছীল কৰা হৈছে।

‘’বিশ্বজোৰা মহামাৰী এতিয়া জী মিডিয়াৰ বাবে এটা ব্যক্তিগত বাতৰি হৈ পৰিছে। যোৱা শুকুৰবাৰে আমাৰ এগৰাকী সহকৰ্মীৰ কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।‘’

‘’এটা দায়বদ্ধ সংস্থা হিচাপে, আমি সেই ব্যক্তিগৰাকীৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে সংস্পৰ্শলৈ অহা সকলোৰে পৰীক্ষা ব্যৱস্থা কৰিছিলো,’’-এক বিবৃতিত এইদৰে কয় জী নিউজৰ মুখ্য সম্পাদক সুধীৰ চৌধুৰীয়ে।

‘’এতিয়ালৈকে আমাৰ ২৮গৰাকী সহকৰ্মীৰ পজিটিভ ধৰা পৰিছে। সৌভাগ্যক্ৰমে, তেওঁলোকৰ বেছিভাগেই উপসৰ্গহীন আৰু কোনো সমস্যাৰ সন্মুখীন হোৱা নাই। আমি ভাৱো আগতীয়া পৰীক্ষা আৰু কাৰ্যকৰী হস্তক্ষেপৰ বাবে এয়া সম্ভৱ হৈছে,’’-বিবৃতিটোত কোৱা হৈছে।

‘’আমি ইয়াৰ শৃংখলাটো ভাঙিবলৈ তথা সংক্ৰমণ ৰোধ কৰিবলৈ সকলো চৰকাৰী আৰু স্বাস্থ্য কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি সৰ্বোত্তম অনুশীলন অনুসৰণ কৰিছো। সকলো ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰট’কল আৰু চৰকাৰী নিৰ্দেশনা অনুসৰণ কৰা হৈছে,’’-চৌধুৰীয়ে কয়।

‘’আমাৰ কাৰ্যালয়, নিউজৰুম আৰু ষ্টুডিঅ’ ছেনিটাইজেশ্যনৰ বাবে ছীল কৰা হৈছে। জী নিউজৰ টীমক সাময়িকভাৱে আন এক বিকল্প স্থানলৈ স্থানান্তৰিত কৰা হৈছে,’’-তেওঁ কয়।

বাকী থকা কৰ্মচাৰীসকলৰ পৰীক্ষা চলি থাকিব।

বৰ্তমান জী মিডিয়াত কৰ্পোৰেশ্যন লিমিটেডত মুঠতে ২,৫০০ কৰ্মচাৰী আছে।

‘’আমি তেওঁলোক সকলোৰে সুৰক্ষাৰ বাবে দায়বদ্ধ,’’-বিবৃতিটোত কোৱা হৈছে।

Related News