NORTHEAST NOW (Assamese)

১১ মাহত বিজেপিশাসিত ওড়িশাত ২৮ হাজাৰ মহিলা আৰু শিশুৰ ওপৰত নিৰ্যাতন; মন্ত্ৰীৰ অকপট স্বীকাৰোক্তি…

March 31, 2025 10:46 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 31, 2025 10:47 am

শেহতীয়াকৈ ওড়িশাৰ উপ-মুখ্যমন্ত্ৰী প্ৰভাতী পৰিদাই বিধানসভাত স্বীকাৰ কৰিছে যে, ৰাজ্যখনত এবছৰ নৌহওঁতেই প্ৰায় ২৮ হাজাৰ মহিলা আৰু শিশু বিভিন্ন ধৰণৰ হিংসাৰ বলি হৈছে। বিজেপি বিধায়ক সঞ্জীৱ কুমাৰ মালিকে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত শনিবাৰে বিধানসভাত বিজেপি চৰকাৰৰ উপ-মুখ্যমন্ত্ৰীয়ে কয় যে বিগত ১১ মাহত ৰাজ্যত প্ৰায় ২৮ হাজাৰ মহিলা আৰু শিশুক বিভিন্ন ধৰণৰ নিৰ্যাতনৰ বলি হৈছে।

বিৰোধীয়ে অভিযোগ কৰিছে যে, চৰকাৰ সলনি হোৱাৰ এবছৰ নৌহওঁতেই ওড়িশাই ইতিমধ্যে অঞ্চলটোৰ কেইবাখনো বিজেপি শাসিত ৰাজ্যৰ সৈতে মহিলা আৰু শিশুৰ ওপৰত হোৱা হিংসাৰ ক্ষেত্ৰত প্ৰতিযোগিতা আৰম্ভ কৰিছে।

উল্লেখ্য যে, উপ-মুখ্যমন্ত্ৰী প্ৰভাতী পৰিদা ৰাজ্যৰ শিশু আৰু মহিলা কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰীও। বিধানসভাত এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৫ চনৰ ৩১ জানুৱাৰীলৈ ৰাজ্যখনত মহিলা আৰু শিশুৰ ওপৰত হোৱা হিংসাৰ ২৭,৯৭৩ টা অভিযোগ দাখিল কৰা হৈছে।

বিৰোধীয়ে দাবী কৰিছে যে বহু ক্ষেত্ৰত অভিযোগো দাখিল কৰা হোৱা নাছিল। গতিকে প্ৰকৃত সংখ্যাটো এইদৰে পোৱাটো কঠিন।

Related News