NORTHEAST NOW (Assamese)

তিনিজনীয়া সমিতিয়ে শুনিব মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে অভিযোগ

April 24, 2019 4:44 pm · এন ই নাও নিউজ
Updated: April 24, 2019 4:53 pm
ন্যায়াধীশত্ৰয় ববদে, বেনাৰ্জী আৰু ৰামানা। ছবি সৌজন্য-- ভাৰতৰ উচ্চতম ন্যায়ালয়।

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপতি ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্য্যাতনৰ অভিযোগৰ শুনানি লোৱাৰ বাবে গঠন কৰা হৈছে এক তিনিজনীয়া সমিতি

ন্যায়াধীশ এচ এ’ ববদে, ন্যায়াধীশ এন ভি ৰামানা আৰু ন্যায়াধীশ ইন্দিৰা বেনাৰ্জীক লৈ মঙলবাৰে সমিতিখন গঠন কৰা হৈছে।

ন্যায়াধীশ ববদেই সমিতিখনৰ নেতৃত্ব দিব। ববদে মুখ্য ন্যায়াধীশ গগৈৰ পিছতে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠতম বিচাৰপতি। ন্যায়াধীশ এন ভি ৰামানা সৰ্বোচ্চ ন্যায়ালয়ৰ তৃতীয় জ্যেষ্ঠ বিচাৰক।

খবৰ অনুসৰি, তিনিজনীয়া সমিতিখন গঠন সন্দৰ্ভত মঙলবাৰে সন্ধিয়ালৈকে উচ্চতম ন্যায়ালয়ত ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছিল।

বুধবাৰে পুৱাও আদালতৰ নিয়মীয়া কাৰ্য্যসূচী আৰম্ভ হোৱাৰ আগলৈকে বিষয়টো সন্দৰ্ভত আলোচনা হোৱা বুলি বাতৰিত প্ৰকাশ।

মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে উত্থাপিত দেশজুৰি চাঞ্চল্য সৃষ্টিকাৰী অভিযোগটো ন্যায়াধীশ ববদেই চোৱাচিতা কৰি আছে।

ন্যায়াধীশ ববদেই ইতিমধ্যে গঠন কৰি দিয়া বিশেষ বিচাৰপীঠে অভিযোগকাৰী মহিলাগৰাকীৰ আবেদনখন ন্যায়িক দিশ পৰ্য্যালোচনা কৰি আছে। ন্যায়াধীশ ৰহিন্তন ফলি নৰিমন, ন্যাঃ অৰুন মিশ্ৰ আৰু ন্যাঃ দীপক গুপ্তাক লৈ বিচাৰপীঠখন গঠন কৰা হৈছিল।

মুখ্য ন্যায়াধীশ গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ ডেৰ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছিল বুলি দাবী কৰা অধিবক্তা উৎসৱ বেইনছক তথ্য-পাতিসহ বুধবাৰে (২৪ এপ্ৰিল) আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে বিচাৰপীঠখনে।

Related News