• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাই মোদী চৰকাৰৰ কেবিনেটত স্থান লাভ কৰাৰ সম্ভাৱনা

উত্তৰ-পূবৰ তিনিজনলৈ মন্ত্ৰিত্বৰ সম্ভাৱনা মোদী ২.০ চৰকাৰত

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
May 24, 2019 7:22 pm
3 ministerial berths from Northeast in Modi 2.0

সজ্যন-- ইণ্টাৰনেট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূবত এন দি এ’ৰ বিপুল বিজয়ৰ পিছত অঞ্চলটোৰ পৰা পূৰ্বতকৈ অধিক মন্ত্ৰিত্বৰ আশা বৃদ্ধি পাইছে।

১৬সংখ্যক লোকসভা ভংগ কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে গধূলি দক্ষিণ ব্লকত এক কেবিনেট বৈঠক আহ্বান কৰিছে। এই গুৰুত্বপূৰ্ণ বৈঠকখনেই নতুন চৰকাৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।

Apply Now

শপতগ্ৰহণৰ দিনক লৈ আনুষ্ঠানিক কোনো ঘোষণা হোৱা নাই যদিও, ২৬ বা ২৭ মে’ত মোদীয়ে পৰৱৰ্তী চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে।

নতুন চৰকাৰখনত মন্ত্ৰিত্বৰ স্থান পোৱাক লৈ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা নতুনকৈ নিৰ্বাচিত বহুকেইজন বিজেপি সাংসদ আশাবাদী। বিজেপিয়ে ১৪খন আসন জিকিছে, লগতে এন দি এ’ৰ সহযোগীসকলে উত্তৰ-পূবত আৰু তিনিখন আসনত জয় লাভ কৰিছে।

১৬সংখ্যক লোকসভাত উত্তৰ-পূবৰ পৰা বিজেপিৰ মাত্ৰ আঠজন সাংসদ থকা অৱস্থাত চৰকাৰত আছিল অঞ্চলটোৰ দুজন কনিষ্ঠ মন্ত্ৰী—কিৰেন ৰিজিজু (গৃহ) আৰু ৰাজেন গোহাঁই (ৰে’ল)।

এইবাৰ উত্তৰ-পূবৰ মুঠ ২৫টা লোকসভা সমষ্টিৰ ১৭টাই দখল কৰিবলৈ সক্ষম হৈছে বিজেপিকে ধৰি এন দি এ’ৰ অংশীদাৰসকল। স্বাভাৱিকতে, অধিক মন্ত্ৰীৰ আশা বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে।

গৃহৰাজ্য মন্ত্ৰী হিচাপে সুন্দৰ প্ৰদৰ্শনৰ বাবে মোদীৰ দললৈ ৰিজিজুৰ প্ৰত্যাৱৰ্তন নিশ্চিত বুলিয়েই বিজেপিৰ উত্তৰ-পূবৰ নেতাসকল আশাবাদী।

লোকসভা নিৰ্বাচনটোত ৰাজেন গোহাঁয়ে নগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰিলে যদিও অসমৰ পৰা এখন নতুন মুখে মোদীৰ নতুন চৰকাৰত স্থান পাব।

মোদীৰ যিহেতু চমক দিয়াৰ অভ্যাস আছে, সেয়ে গেৰুৱা দলটোৰ একাংশ নেতা আশাবাদী যে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন চৰকাৰত এক কেবিনেট বাব পাব।

অগতানুগতিক সাংগঠনিক দক্ষতাৰ বাবে জনাজাত হিমন্ত বিশ্ব শৰ্মা নতুন দিল্লীত নতুন চৰকাৰখনৰ কাৰণে এক বিশেষ সম্পদ হ’ব পাৰে। মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়ত এন দি এ’-নেতৃত্বাধীন চৰকাৰ গঠনত তেওঁৰ ভূমিকাৰ বাবেও তেওঁলৈ এক পুৰস্কাৰ পাপ্য।

তাৰোপৰি, পশ্চিম বংগত বিজেপিয়ে ১৮খন আসন জিকাৰ ক্ষেত্ৰতো শৰ্মাৰ ভূমিকা অস্বীকাৰ কৰিব নোৱাৰি। বিজেপিৰ নিৰ্বাচনী ৰণনীতিক নিখুঁত ৰূপ দিয়াৰ বাবে মমতাৰ বেস্তনত তেওঁ দুসপ্তাহতকৈয়ো অধিক কাল বাহৰ পাতি আছিল।

লোকসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰা নাই যদিও, মোদী চৰকাৰত তেওঁৰ মন্ত্ৰিত্ব নুই কৰিব নোৱাৰি।

অত্যন্ত দক্ষ মন্ত্ৰীজনে খুব সোনকালেই উচ্চ সদনত এটা স্থান পাই যাব, আৰু তাৰ বাবে লোকসভাৰ কোনো আসন খালী কৰাৰ প্ৰয়োজন নাই। অহা ৭ জুনত অসমৰ পৰা খালী হোৱা ৰাজ্যসভাৰ আসন দুখনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

ৰিজিজু আৰু হিমন্ত বিশ্বৰ লগতে উত্তৰ-পূবৰ তৃতীয়জন মন্ত্ৰী মণিপুৰ নাইবা ত্ৰিপুৰাৰ হোৱাৰ সম্ভাৱনা। লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পূৰ্ণ আগিত’ক চাংমাৰ ছোৱালী আগাথা কে’ চাংমাও মন্ত্ৰীৰ সম্ভাৱ্য তালিকাত থকা বুলি এন পি পিৰ একাংশ নেতা আশাবাদী।

নতুন চৰকাৰখনে ন উদ্যমেৰে কামত ধৰিব খুজিব, কিন্তু অৰুণ জে’ইতলি আৰু সুষমা স্বৰাজৰ দৰে বিজেপিৰ কিছু জ্যেষ্ঠ নেতাই দুৰ্বল স্বাস্থ্যৰ বাবে চৰকাৰত যোগ নিদিয়াৰ সম্ভাৱনা আছে।

তাৰোপৰি, হৰদীপ পুৰী, কে জে এলফ’নছ আৰু মনোজ সিনহাই এই নিৰ্বাচনত পৰাজয় বৰণ কৰিছে।

বিহাৰত জে দি (ইউ)ৰ মসৃণ যাত্ৰালৈ চাই, দলটোৰ সাংসদে প্ৰধান পদবী পোৱাৰ সম্ভাৱনা আছে। ৰামবিলাস পাছৱানৰ এল জে পি আৰু উদ্ধৱ থেকাৰেৰ শিৱসেনায়ো গুৰুত্বপূৰ্ণ পদবী পাব।

এইবুলিও খবৰ আছে যে বিজেপি সভাপতি অমিত শ্বাহে, যাৰ এসময়ত গুজৰাটৰ গৃহ ৰাজ্য মন্ত্ৰীৰ অভিজ্ঞতা আছে, ভাৰতৰ নতুন গৃহ মন্ত্ৰীৰূপে ৰাজনাথ সিঙৰ স্থান ল’ব পাৰে।

আমেথিত বিজয়ৰ পিছত স্মৃতি ইৰানীয়ে মোদী কেবিনেটত আগতকৈ ডাঙৰ দায়িত্ব পোৱাৰ আশা আছে, ৰাজনাথ সিঙক হয়তো প্ৰতিৰক্ষাৰ মন্ত্ৰিত্ব দিয়া হ’ব। বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰামনে সুষমা স্বৰাজৰ ঠাই ল’ব পাৰে।

জ্যেষ্ঠ মন্ত্ৰী ৰৱি শংকৰ প্ৰসাদ আৰু নীতীন গাদকাৰিক নতুন চৰকাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে। বিজেপিত মুছলমানৰ জনাজাত মুখ মুখতাৰ আব্বাচ নকবিয়ে এইবাৰ কেবিনেট ৰেংক পোৱাৰ সম্ভাৱনা।

আন মন্ত্ৰী যেনে জে পি নাদ্দা, ধৰ্মেন্দ্ৰ প্ৰধান আৰু প্ৰকাশ জাৱাৰেকাৰ আদিকো গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে, সূত্ৰটোৱে কয়।

Tags: নিৰ্বাচন ২০১৯
অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

June 25, 2026 11:18 am
প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am
ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

June 25, 2026 9:28 am
পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

June 25, 2026 11:18 am
প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd