ভয়ংকৰ অগ্নিকাণ্ডত শুৱালকুছিত প্ৰাণ গ’ল এটি ফুলকুমলীয়া শিশুসহ একেটা পৰিয়ালৰ তিনিজনৰ

39905967_878797109177739_8599969439489720320_n

বস্ত্ৰ নগৰী শুৱালকুছিত মঙলবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডত একেটা পৰিয়ালৰ ৩জনকৈ লোকে কৰুণ মৃত্যুক সাবটি ল’বলগীয়া হোৱাত এতিয়া সমগ্ৰ শুৱালকুছিতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে কালি নিশা এছ এম ৰোডস্থিত অচ্যুত প্লাজাৰ এখন পাটসূতাৰ দোকানত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড। নিমিষতে অট্টালিকাটো জুইৰ লেলিহান শিখাই আৱৰি ধৰাত তৃতীয় মহলাত থকা অট্টালিকাটোৰ স্বত্বাধিকাৰী লোহিত কাকতি সহ পৰিয়ালৰ ছয়জনকৈ লোক অগ্নিদগ্ধ হোৱাত আটাইকেইজনকে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

সংকটজনক অৱস্থাত ভৰ্তী কৰোৱা লোক কেইজনৰ ভিতৰত তিনিজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি চিকিৎসকে সদৰী কৰে। অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লোৱা একেটা পৰিয়ালৰে তিনিজন সদস্য ক্ৰমে লোহিত কাকতি, তেওঁৰ জীয়ৰী কবিতা মহন্ত আৰু কবিতাৰ ডেৰ বছৰীয়া পুত্ৰ সন্তান ময়ুখ দেৱ মহন্ত বুলি জানিব পৰা গৈছে।

আনহাতে পৰিয়ালটোৰ অন্য তিনিজন সদস্য ক্ৰমে লোহিত কাকতিৰ পত্নী অনুপমা কাকতি, জীয়াৰী জুৰি কাকতি আৰু জুৰিৰ কণমানি সন্তান চান দাস সম্প্ৰতি সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পতালতে চিকিৎসাধীন হৈ আছে।

উল্লেখযোগ্য যে অট্টালিকাটোত কি কাৰণত এনেদৰে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ’বলৈ পালে সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত সত্য সত্যতা পোহৰলৈ আহিব বুলি অঞ্চলবাসীয়ে আশা কৰিছে।