NORTHEAST NOW (Assamese)

জম্মু-কাশ্মীৰত পথ দুৰ্ঘটনাত ৩ ভাৰতীয় সেনাৰ মৃত্যু, আহত ৫

April 15, 2022 8:17 am · এন ই নাও নিউজ, গুৱাহাটী

বৃহস্পতিবাৰে জম্মু-কাশ্মীৰত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত নিহত হয় তিনিজন ভাৰতীয় সেনাৰ জোৱান। দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ বাদিগামৰ এটা উগ্ৰপন্থীৰে সংঘৰ্ষজৰ্জৰ স্থানলৈ যাত্ৰা কৰাৰ সময়তে বাহনখন দুৰ্ঘটনাত পতিত হয়।

এই দুৰ্ঘটনাত তিনিজন জোৱানৰ মৃত্যু হোৱাৰ লগতে বাহনখনত থকা আন পাঁচজন সেনা জোৱান আহত হয় বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি পিচল ৰাস্তাত চালকজনে বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু বাহনখন বাগৰি পৰে। দুৰ্ঘটনাটোৰ সময়ত বাহনখনত আঠজন সৈনিক আছিল বুলি জানিব পৰা গৈছে।

আঠজন আহত সৈনিকক জিলা চিকিৎসালয় শ্বপিয়ানলৈ স্থানান্তৰ কৰা হয়। অৱশ্যে চিকিৎসালয়ত তেওঁলোকৰ দুজনক মৃত ঘোষণা কৰা হয়। এজন জোৱান সামান্য আঘাত প্ৰাপ্ত হৈছিল আৰু জিলা চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল।

পিছত আন পাঁচজন আহত জোৱানক শ্বপিয়ানৰ পৰা শ্ৰীনগৰৰ ৯২ বেচ হস্পিটেললৈ স্থানান্তৰ কৰা হয় যদিও আন এজন সেনাৰ মৃত্যু হয়। বাকী চাৰিজন সেনা জোৱান বৰ্তমান চিকিৎসাধীন হৈ আছে।

ইফালে, জম্মু-কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শ্বপিয়ানৰ বাদিগাম অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত চলি থকা সংঘৰ্ষত কমেও চাৰিজন সন্ত্ৰাসবাদী নিহত হৈছে।

Related News