• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত ৩২ সংখ্যক পথ সুৰক্ষা মাহৰ সফল সামৰণি : পথ দুৰ্ঘটনা ৰোধৰ বিশেষ ব্যৱস্থা গ্ৰহণ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , February 18, 2021 7:24 am

2 min read

IMG-20210217-WA0079
132
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলা পথ সুৰক্ষা সমিতি আৰু শিৱসাগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত যোৱা ১৮ জানুৱাৰী তাৰিখৰ পৰা মাহজোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা ৩২ সংখ্যক পথ সুৰক্ষা মাহৰ বুধবাৰে সফলভাৱে সামৰণি পৰে।

৩২ সংখ্যক পথ সুৰক্ষা মাহৰ সামৰণি উপলক্ষে দিনৰ ১০:০০ বজাত উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখৰ পৰা জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ এক সজাগতামূলক বাইক ৰেলী উলিওৱা হয়। ফ্লেগ অফ্ কৰি বাইক ৰেলীখনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই।

দিনৰ ১১:৩০ বজাত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ৩২ সংখ্যক পথ সুৰক্ষা মাহৰ সামৰণি উপলক্ষে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অতিৰিক্ত উপায়ুক্ত চন্দনা বৰুৱাই পথ সুৰক্ষা বৰ্তমানে বৰ প্ৰাসংগিক বিষয় বুলি উল্লেখ কৰি উপস্থিত সকলোকে পথ সুৰক্ষাৰ নিয়মাৱলী পালন কৰি নিজৰ লগতে আনৰ জীৱনো সুৰক্ষিত কৰিবলৈ আহ্বান জনায়।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক ডঃ দেৱজিত নাথে অন্যান্য কাৰকৰ তুলনাত পথ দুৰ্ঘটনাত মানুহৰ মৃত্যুৰ হাৰ অত্যধিক হয় বুলি উল্লেখ কৰি বাহন চলাওঁতে পূৰ্ণ মনোযোগ আৰু দায়বদ্ধতাৰে চলাবলৈ আহ্বান জনায়। তেওঁ অভিভাৱকসকলক সন্তানক দায়িত্ব সহকাৰে তথা সাৱধানতাৰে বাহন বিশেষকৈ দুচকীয়া বাহন চলাবলৈ সজাগ আৰু সচেতন কৰিবলৈ পৰামৰ্শ দিয়ে।

সভাত বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যক্ষা দীপালি নেওগে পৰিবহন বিভাগৰ লগতে সংশ্লিষ্ট বিভাগসমূহে গ্ৰহণ কৰা পথ সজাগতা বৃদ্ধিৰ পদক্ষেপসমূহৰ শলাগ লয়।

জিলা পৰিবহন বিষয়া সিদ্ধাৰ্থ শইকীয়াই পথ সুৰক্ষাৰ নিয়মাৱলী সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰি সকলোকে এইসমূহ মানি চলিবলৈ আহ্বান জনায়।

অনুষ্ঠানটিত ৩২ সংখ্যক পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত বিভিন্ন প্রতিযোগিতা যেনে চিত্ৰাংকণ আৰু ৰচনা প্ৰতিযোগিতাৰ বিজেতাসকলক পুৰস্কাৰ প্ৰদান কৰা হয়।

Recent News

accident jaiguru

আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; দুজন গুৰুতৰভাৱে আহত

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd