শেহতীয়াকৈ বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই উত্থাপন কৰিছে এক বিস্ফোৰক অভিযোগ। সুৰক্ষা মঞ্চই উত্থাপন কৰা অভিযোগ অনুসৰি বিটিআৰৰ চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ, ওদালগুৰি, বাকসা আৰু চিৰাং জিলাত মুঠ ৩,৪৯,৫০৫ বিঘা বৃহৎ ভূমি অবৈধ বেদোখলকাৰীৰ হাতত আছে।
কেৱল এয়াই নহয়, চৰকাৰখনে জনজাতি বেষ্টনী আৰু আৱেষ্টনীৰ ভূমি বেদখলমুক্ত কৰাৰ সৎ সাহস নকৰাৰ বিস্ফোৰক অভিযোগ তুলিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই।
দেওবাৰে এটা বিবৃতিত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি দাওৰাও দেখৱ নাৰ্জাৰীয়ে বি টি চিত ভূমি বেদখলৰ ভয়ংকৰ তথ্য দাঙি ধৰি কয়- বি টি চিৰ কোকৰাঝাৰ জিলাত ‘১,৩০,২৬৯ বিঘা, চিৰাং জিলাত ৬৫,৯৮৭ বিঘা, বাক্সা জিলাত ১,৩৫,৭১৫ বিঘা আৰু ওদালগুৰি জিলাত ১৬,৫৩৪ বিঘা ভূমি অবৈধ প্রৱজনকাৰীয়ে বেদখল কৰি আহিছে। কিন্তু বি টি চি শান্তি আৰু উন্নয়নৰ ঢাক- ঢোল বজোৱা বি টি আৰৰ প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলৰ চৰকাৰখনে জনজাতিসকলৰ ভূমি উদ্ধাৰৰ ক্ষেত্ৰত আজিলৈ কোনো বিহিত পদক্ষেপ লোৱা বা সদিচ্ছা দেখা নগ’ল বুলি আক্ষেপ প্রকাশ কৰে।
এইক্ষেত্ৰত মঞ্চৰ নেতাজনে বি টি আৰ চৰকাৰখনক অকৰ্মণ্য, অদক্ষ আৰু মিছলীয়া চৰকাৰ আখ্যা দি তেনেকুৱা নেতাৰ দ্বাৰা জনজাতিসকলে কি পাব বুলি প্রশ্ন উত্থাপন কৰে। বিবৃতিত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই আৰু কয় যে বিগত ২০১৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰ আৰু বি টি চি চৰকাৰক জনজাতি বেষ্টনী আৰু আবেষ্টনীৰ ভূমি বেদখল কৰাসকলক উচ্ছেদ কৰাৰ নিৰ্দেশ দিয়াৰ উপৰি প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে জনজাতিৰ ভূমি বেদখলমুক্ত কৰাৰ নিৰ্দেশ দিছিল। কিন্তু উভয় চৰকাৰে আজিলৈ নিৰ্দেশ কাৰ্যকৰী নকৰা বুলি অভিযোগ কৰে। তেনেক্ষেত্ৰত শেহতীয়াকৈ পুনৰায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তথা বিচাৰপীঠ অৰুণ দেৱ চৌধুৰী এক জনস্বাৰ্থ ৰীট আৱেদনৰ শুনানি দি বি টি চি চৰকাৰক জনজাতি বেষ্টনীৰ ভূমি বেদখলমুক্ত জনজাতি সুৰক্ষা মঞ্চই আদৰণি জনাইছে।