বোকাখাত জিলা মাষ্টাৰ্চ এথলেটিকচ সন্থাৰ উদ্যোগত বোকাখাতৰ উদ্দীপনা সংঘ, আয়ুস্কৰ আৰু নামদৈয়াং স্পৰ্টচ ক্লাবৰ বিশেষ সহযোগত আজি ৰাজ্যৰ লগতে বোকাখাততো ৩৫ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয় ৷
অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যতে পালন কৰা অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে পুৱা বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনৰ প্ৰাংগণৰ পৰা উলিওৱা হয় এক সামুহিক জগিঙৰ কাৰ্যসূচী ৷
সামুহিক জগিং ফ্লেগ জোকাৰি উদ্বোধন কৰে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে ৷ উদ্বোধনী অনুষ্ঠানত মহকুমাধিপতি গৰাকীৰ উপৰিও অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা , বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া আৰু বোকাখাত পৌৰসভাৰ উপ পৌৰপতি সঞ্জীৱ শইকীয়া আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৷
বোকাখাত নগৰ পৰিভ্ৰমণ কৰা এই জগিঙত বোকাখাতৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়েও অংশ গ্ৰহণ কৰে ৷ ইয়াৰ পূৰ্বে ৩৫ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ পতাকা উত্তোলন কৰে বোকাখাত জিলা মাষ্টাৰ্চ এথলেটিক সন্থা, উদ্দীপনা সংঘ, আয়ুস্কৰ আৰু নামদৈয়াং স্পৰ্টচ ক্লাবৰ সভাপতিয়ে ৷ ইয়াৰ উপৰিও এই দিৱসৰ লগতে বোকাখাতত আন্ত: শিক্ষানুষ্ঠান ক্ৰীড়া কুইজ প্ৰতিযোগিতা আৰু সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হয় ৷