সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো ৩৫ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

বোকাখাত জিলা মাষ্টাৰ্চ এথলেটিকচ সন্থাৰ উদ্যোগত বোকাখাতৰ উদ্দীপনা সংঘ,  আয়ুস্কৰ আৰু নামদৈয়াং স্পৰ্টচ ক্লাবৰ বিশেষ সহযোগত আজি ৰাজ্যৰ লগতে বোকাখাততো ৩৫ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয় ৷

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যতে পালন কৰা অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে পুৱা বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনৰ প্ৰাংগণৰ পৰা উলিওৱা হয় এক সামুহিক জগিঙৰ কাৰ্যসূচী ৷

সামুহিক জগিং ফ্লেগ জোকাৰি উদ্বোধন কৰে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে ৷ উদ্বোধনী অনুষ্ঠানত মহকুমাধিপতি গৰাকীৰ উপৰিও অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা , বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া আৰু বোকাখাত পৌৰসভাৰ উপ পৌৰপতি সঞ্জীৱ শইকীয়া আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৷

বোকাখাত নগৰ পৰিভ্ৰমণ কৰা এই জগিঙত বোকাখাতৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়েও অংশ গ্ৰহণ কৰে ৷  ইয়াৰ পূৰ্বে ৩৫ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ পতাকা উত্তোলন কৰে বোকাখাত জিলা মাষ্টাৰ্চ এথলেটিক সন্থা,  উদ্দীপনা সংঘ,  আয়ুস্কৰ আৰু নামদৈয়াং স্পৰ্টচ ক্লাবৰ সভাপতিয়ে ৷ ইয়াৰ উপৰিও এই দিৱসৰ লগতে বোকাখাতত আন্ত: শিক্ষানুষ্ঠান ক্ৰীড়া কুইজ প্ৰতিযোগিতা আৰু সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হয় ৷