DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফাৰ্মা কোম্পানীৰ লেবত ভয়াৱহ অগ্নিকাণ্ড: জুইত জাহ গ’ল চাৰি কৰ্মচাৰী, এগৰাকী গুৰুতৰভাৱে আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2022 7:20 am
Fire At Pharma Company Lab
69
VIEWS
Share on FacebookShare on Twitter

অন্ধ্ৰপ্ৰদেশৰ আনাকাপল্লীত সোমবাৰে সংঘটিত হৈছে এক শোকাৱহ ঘটনা। চহৰখনত থকা পাৰাভাদা লাউৰাছ ফাৰ্মা লেবছ লিমিটেড নামৰ এক কোম্পানীত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত চাৰিগৰাকী কৰ্মচাৰী নিহত হোৱাৰ লগতে এগৰাকী গুৰুতৰভাৱে আহত হয়।

লেবত কৰ্মচাৰী সকল কৰ্মৰত থকা অৱস্থাত অকস্মাতে জুই লাগে আৰু মুহূৰ্ততে এই জুই লেবৰ ভিতৰত বিয়পি পৰে। এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে স্থানীয় আৰক্ষীৰ এটা দল আৰু অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়।

আঘাতপ্ৰাপ্ত ব্যক্তিগৰাকীক উদ্ধাৰ কৰি স্থানীয় এখন চিকিৎসালয়লৈ লগে লগে লৈ যোৱা হয় বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে।

আনহাতে ৰাজ্যৰ উদ্যোগ মন্ত্ৰী অমৰনাথে ঘটনাৰ বুজ লয়। মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে মৃত কৰ্মচাৰীসকলৰ পৰিয়ালৰ বাবে ২৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে বুলি উদ্যোগ মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে চিকিৎসা বিষয়াসকলক দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা আন গৰাকী কৰ্মীচাৰীক উন্নত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

এই অগ্নিকাণ্ড কি কাৰণত সংঘটিত হৈছিল, এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি উদ্যোগ মন্ত্ৰী অমৰনাথে লগতে জানিবলৈ দিয়ে।

Recent News

বাজেটত দাম কমিল মোবাইল ফোন, টিভিৰ! আৰু কি কি সস্তা, কি কি হ’ল দামী; চাওক তালিকা

বাজেটত দাম কমিল মোবাইল ফোন, টিভিৰ! আৰু কি কি সস্তা, কি কি হ’ল দামী; চাওক তালিকা

Bharat Jodo Yatra

ৰাহুল গান্ধী আৰু ভাৰত জোড়ো যাত্ৰা

Uma Bharti on liquor shops

গো আশ্ৰয় শিবিৰলৈ ৰূপান্তৰিত কৰা হ’ব সকলো সুৰা বিপণী! উমা ভাৰতীৰ হুমকি

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd