NORTHEAST NOW (Assamese)

ফাৰ্মা কোম্পানীৰ লেবত ভয়াৱহ অগ্নিকাণ্ড: জুইত জাহ গ’ল চাৰি কৰ্মচাৰী, এগৰাকী গুৰুতৰভাৱে আহত

December 27, 2022 7:20 am · এন ই নাও নিউজ, গুৱাহাটী

অন্ধ্ৰপ্ৰদেশৰ আনাকাপল্লীত সোমবাৰে সংঘটিত হৈছে এক শোকাৱহ ঘটনা। চহৰখনত থকা পাৰাভাদা লাউৰাছ ফাৰ্মা লেবছ লিমিটেড নামৰ এক কোম্পানীত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত চাৰিগৰাকী কৰ্মচাৰী নিহত হোৱাৰ লগতে এগৰাকী গুৰুতৰভাৱে আহত হয়।

লেবত কৰ্মচাৰী সকল কৰ্মৰত থকা অৱস্থাত অকস্মাতে জুই লাগে আৰু মুহূৰ্ততে এই জুই লেবৰ ভিতৰত বিয়পি পৰে। এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে স্থানীয় আৰক্ষীৰ এটা দল আৰু অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়।

আঘাতপ্ৰাপ্ত ব্যক্তিগৰাকীক উদ্ধাৰ কৰি স্থানীয় এখন চিকিৎসালয়লৈ লগে লগে লৈ যোৱা হয় বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে।

আনহাতে ৰাজ্যৰ উদ্যোগ মন্ত্ৰী অমৰনাথে ঘটনাৰ বুজ লয়। মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে মৃত কৰ্মচাৰীসকলৰ পৰিয়ালৰ বাবে ২৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে বুলি উদ্যোগ মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে চিকিৎসা বিষয়াসকলক দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা আন গৰাকী কৰ্মীচাৰীক উন্নত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

এই অগ্নিকাণ্ড কি কাৰণত সংঘটিত হৈছিল, এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি উদ্যোগ মন্ত্ৰী অমৰনাথে লগতে জানিবলৈ দিয়ে।

Related News