NORTHEAST NOW (Assamese)

চিনেমাৰ কায়দাৰে ডকাইতি: পুলিচৰ ভেশত অহা দুৰ্বৃত্তই মহিলাৰ পৰা লুটিলে অলংকাৰ

May 7, 2022 8:55 pm · এন ই নাও নিউজ, গুৱাহাটী

চিনেমাত বিভিন্ন অভিনৱ কায়দাৰে ডকাইতি কৰা নিশ্চয় দেখিছে। এনে এক কায়দাৰেই চাৰি দুৰ্বৃত্তই এগৰাকী ৬০ বছৰীয়া মহিলাৰ পৰা লুটিলে ১.২ লাখ টকাৰ অলংকাৰ।

এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ থানে জিলাত। মুম্বাইৰ বাসিন্দা ভুক্তভোগী মহিলাগৰাকীয়ে নাছিক ঘাইপথৰ থানে অভিমুখে এখন অটোৰিক্সাত যাত্ৰা কৰিছিল।

হঠাতে বাইকত অহা চাৰিজন লোকে ডংৰালীত অটোৰিক্সাখন আটক কৰে। এখন পৰিচয় পত্ৰ দেখুৱাই নিজকে আৰক্ষী বুলি পৰিচয় দিয়ে তেওঁলোকে।

মহিলাগৰাকীয়ে উল্লেখ কৰা মতে আৰক্ষী বুলি চিনাকি দিয়া ব্যক্তি কেইজনে অটোৰিক্সাখন আগলৈ যোৱাৰ পূৰ্বে মহিলাগৰাকীক তেওঁৰ অলংকাৰবোৰ সুৰক্ষিতভাৱে বেগত ৰাখিবলৈ পৰামৰ্শ দিয়ে।

তেওঁলোকৰ কথামতেই মহিলাগৰাকীয়ে এটা বেগত অলংকাৰবোৰ সোমোৱাবলৈ মান্তি হয়। আৰক্ষীৰ ভেশত থকা ব্যক্তিকেইজনেই তেওঁৰ অলংকাৰবোৰ বেগত ভৰাই দিয়াত সহায় কৰে।

মহিলাগৰাকীক বেগটো উভতাই দি সেই স্থানৰ পৰা উধাও হয় ব্যক্তিকেইজন। কিন্তু পিছত যেতিয়া মহিলাগৰাকীয়ে বেগটো খুলি চায়, বেগৰ ভিতৰত কোনো অলংকাৰ নেদেখি বিবুধিত পৰে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপি ভুক্তভোগী মহিলাগৰাকীয়ে এখন এজাহাৰ দাখিল কৰিছে।

আইপিচিৰ ধাৰা ৪২০ আৰু ১৭০ ৰ অধীনত অচনাক্ত ব্যক্তিকেইজনৰ বিৰুদ্ধে এটা গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু তদন্ত চলি আছে বুলি স্থানীয় আৰক্ষী বিষয়া এগৰাকীয়ে জানিবলৈ দিয়ে।

Related News