NORTHEAST NOW (Assamese)

মেঘালয় আৰু অৰুণাচলৰ অৰণ্যত ভেকুলীৰ ৪টা নতুন প্ৰজাতি আৱিষ্কাৰ

November 21, 2018 5:40 pm · এন ই নাও নিউজ

দিল্লী বিশ্ববিদ্যালয়, য়ুনিভাৰছিটী কলেজ ডাবলিন (আয়াৰলেণ্ড) আৰু নেশ্যনেল মিউজিয়ামৰ (ইংলেণ্ড) উভচৰ জীৱ বিজ্ঞানীৰ (Amphibian Biologists) এটা দলে উত্তৰ পূৰ্বাঞ্চলৰ হিমালয়ান অঞ্চলত ৪টা নতুন প্ৰজাতিৰ ভেকুলী আৱিষ্কাৰ কৰিছে। বিগত ১৪ বছৰজোৰা গৱেষণাৰ পাছত বিজ্ঞানীৰ দলটোৱে এই নতুন প্ৰজাতিকেইটা আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

এই আৱিষ্কাৰৰ উল্লেখযোগ্য কৃতিত্ব লাভ কৰিছে, উভচৰ জীৱবিজ্ঞানী, বন্যপ্ৰাণী সংৰক্ষণ কৰ্মী, ভাৰতৰ ভেকুলী মানৱ হিচাপে প্ৰখ্যাৎ দিল্লী বিশ্ববিদ্যালয়ৰ পৰিৱেশ অধ্যয়ন বিভাগৰ অধ্যাপক সত্যভমা দাস বিজুৰ অধীনত গৱেষণা কৰি থকা গৱেষক ছাত্ৰ ষ্টিফেন মেহগনিয়ে।

ষ্টিফেনে য়ুনিভাৰছিটী কলেজ ডাবলিনৰ অধ্যাপিকা এম্মা টেলিঙৰ ওচৰতো গেৱষণা কৰি আছে। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্য অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত নতুনকৈ আৱিষ্কৃত ভাৰতীয় শিঙাল ভেকুলী (Megophrys himalayana) জেনাছৰ (genus) অন্তৰ্গত ভেকুলীৰ সদ্যো আৱিষ্কৃত প্ৰজাতিকেইটা হৈছে হিমালয়ান শিঙাল ভেকুলী (Megophrys himalayana), গাৰো বগা-ওঠীয়া শিঙাল ভেকুলী  Megophrys oreocrypta); হালধীয়া ফুটফুটীয়া বগা-ওঠীয়া শিঙাল ভেকুলী (Megophrys flavipunctata) আৰু দৈত্যাকাৰ হিমালয়ান শিঙাল ভেকুলী (Megophrys periosa). এই ভেকুলীৰ চকুৰ ওপৰৰ  পতাৰ ওপৰত শিঙৰ নিচিনা থাকে বাবে এই ভেকুলীবিধক শিঙাল ভেকুলী নাম দিয়া হৈছে।

সদ্যো আৱিষ্কৃত ভেকুলীৰ প্ৰজাতিকেইটাৰ ভিতৰত আটাইতকৈ সৰু আকৃতিৰ হৈছে গাৰো বগা-ওঠীয়া শিঙাল ভেকুলী (Megophrys oreocrypta) (৫.৭ৰ পৰা ৭.৫ ছেণ্টিমিটাৰ) প্ৰজাতিটো আৰু ডাঙৰ হৈছে দৈত্যাকাৰ হিমালয়ান শিঙাল ভেকুলী (Megophrys periosa) (৭.১ৰ পৰা ১১.২ ছেণ্টিমিটাৰ)।

এই এই আৱিষ্কাৰৰ তথ্যসমৃদ্ধ গৱেষণাপত্ৰখন জীৱবিজ্ঞান বিষয়ক আন্তৰ্জাতিক আলোচনী Zootaxa ত সোমবাৰে প্ৰকাশিত হৈছে। অধ্যপক বিজুৱে কৈছে যে উত্তৰ পূৰ্বাঞ্চল উভচৰ প্ৰাণীৰ প্ৰাচুৰ্যপূৰ্ণ। এই নতুন প্ৰজাতিকেইটাৰ আৱিষ্কাৰে এই এলেকাত থকা বিশাল জৈৱবৈচিত্ৰৰ কথাকেই জনায়। তেওঁ আৰু কৈছে যে বিশ্বই স্বীকৃতি প্ৰদান কৰা জৈৱবৈচিত্ৰৰ কেন্দ্ৰস্থল (হিমালয় আৰু ম্যানমাৰ)হোৱা সত্তেও এই এলেকাটোক প্ৰায়েই অৱজ্ঞা কৰি অহা হৈছে।

Related News