শোণিতপুৰত জব্দ ৪০ টাকৈ গৰুভৰ্তি ট্ৰাক

শুকুৰবাৰে নিশা অসমৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰিহাটত গৰু সৰবৰাহৰ বৃহৎ পৰিকল্পনা বিফল কৰে অসম আৰক্ষীয়ে।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ নিয়মীয়া পৰীক্ষাৰ সময়ত এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে ৪০টা গৰু উদ্ধাৰ কৰে।

আৰক্ষীৰ মতে, হেণ্ডিমেনৰ সৈতে চালকজনে ট্ৰাকখন এৰি পলায়ন কৰে। লখিমপুৰৰ পৰা তেজপুৰলৈ আহি থকা ট্ৰাকখন গন্তব্য স্থানত উপনীত হোৱাৰ আগতেই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে চালক আৰু হেণ্ডিমেনক বিচাৰি অভিযান আৰম্ভ কৰিছে।

শেহতীয়াকৈ অসম আৰক্ষীয়ে আৰম্ভ কৰা অনুসন্ধান অভিযানত যোৰাবাটৰ পৰা উদ্ধাৰ হৈছিল অবৈধভাৱে পৰিবহণ কৰে ৪৪ টা গৰু। সূত্ৰ অনুসৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গৰু ভৰ্তি দুখন ট্ৰাক আৰক্ষীয়ে আটক কৰিছিল আৰক্ষীয়ে।

সূত্ৰৰ পৰা জানিব পৰা মতে, অসমৰ মঙলদৈ আৰু বাইহাটাৰ পৰা এই গৰু সৰবৰাহ কৰি আনিছিল।