NORTHEAST NOW (Assamese)

শিল্পী মানস ৰবীনৰ তৎপৰতাত তেলেংগনাত আৱদ্ধ ৪১ জন লোক অসমত আহি উপস্থিত

May 17, 2020 8:50 pm · দীপজ্যোতি শৰ্মা

শিল্পী মানস ৰবীনৰ তৎপৰতাত তেলেংগনাত আবদ্ধ হৈ থকা ৪১ জন লোকে বাছ যোগে গৃহভূমি অসমত আজি উপস্থিত হয়৷

তেলেংগনা ৰাজ্যৰ পৰা অহা উক্ত লোকসকলক আদৰিবলৈ সৰুসজাইত উপস্থিত হয় জনপ্ৰিয় শিল্পী মানস ৰবীন।

ল’কডাউনৰ বাবে দেশৰ ভিন্ন প্ৰান্তত আৱদ্ধ হৈ পৰিছিল অসমৰ বহু লোক।

তেলেংগনাত আৱদ্ধ বহু অসমীয়াই ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰি কোনো সহায় লাভ নকৰাত মানস ৰবীনলৈ ৩০ এপ্ৰিলত এক পত্ৰ যোগে সহায়ৰ আহ্বান জনাইছিল ৷

“তেওঁলোক ৩০ এপ্ৰিলত এক পত্ৰ যোগে মোক জনাইছিল৷ কেনেদৰে গ্ৰুপ হ’ব লাগে কি কি কৰিব লাগে সকলো বুজাই দি গৈছিলো৷ মই তেওঁলোক তাত থাকিব কৈছিলো ৷ কিন্তু কিছুমানৰ পানী, বিদ্যুৎ সংযোগ কাটি দিছিল৷ সেয়ে কেনেদৰে আহিব পাৰি তাৰ সহায় কৰিছিলো৷সম্পূৰ্ণ দায়িত্ব লৈছিলো৷ ৰাজ্য চৰকাৰৰ লগত যোগাযোগ কৰিছিলো কিবা কৰিব পাৰি নেকি৷ কিন্তু সহায় নাপালো।” নৰ্থইষ্ট নাওক শিল্পী গৰাকীয়ে ফোন যোগে কয় শিল্পী গৰাকীয়ে।

ইপিনে বাছ যোগে আজি দিনৰ ভাগত সৰুসজাইত উপস্থিত হয় দলটো৷

দলটোৱে তেলেংগনাৰ পৰা অসমলৈ আহোঁতে প্ৰায় ৫ লাখ টকা খৰচ হৈছে বুলি জানিবলৈ দিয়ে শিল্পীজনে৷

Related News