• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ কাষৰীয় গাঁও আৰু চাপৰিত পশুধনক প্ৰতিষেধক প্ৰদানৰ অভিযান 

বোকাখাত বনাঞ্চলত তিনি সহস্ৰাধিক পশুক প্ৰতিষেধক প্ৰদান

উত্তম শইকীয়া by উত্তম শইকীয়া
May 17, 2020 8:57 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত ক’ভিড-১৯ ৰ সংক্ৰমণ আৰু চোৱাইন ফিভাৰৰ সংক্ৰমণৰ মাজতে কাজিৰঙাৰ বন্যপ্ৰাণী যাতে কোনো কাৰণতে কোনো ৰোগৰ দ্বাৰা সংক্ৰমিত নহয় তাৰ বাবে সদা সতৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ।

আজিৰ কথা নহয় বিগত সময়ছোৱাত কাজিৰঙাৰ কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় পশুধনৰ কল্যাণ আৰু বন্য প্ৰাণীৰ সুৰক্ষাৰ বাবে জনসাধাৰণৰ পশুধনৰ ৰোগ প্ৰতিষেক প্ৰদানৰ কাম কৰি আহিছে।

Apply Now

বিগত বৰ্ষৰ দৰে এই বছৰো ১ মে’ৰ পৰা প্ৰতিষেধক প্ৰদানৰ কাৰ্য আৰম্ভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। কাজিৰঙাত কৰ্মৰত বেচৰকাৰী সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি, ৱাইল্ড লাইফ ট্ৰাষ্ট অব ইণ্ডিয়া, ভূমি আৰু কৰবেট ফাউণ্ডেশ্যনৰ সহযোগত আৰম্ভ কৰা পশুধনৰ প্ৰতিষেধক প্ৰদান অভিযান ইতিমধ্যেই ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাত বনাঞ্চলত সম্পূৰ্ণ হৈছে।

বোকাখাত বনাঞ্চলত কাষৰীয় গাঁৱৰ পশুধনৰ প্ৰতিষেধক প্ৰদান অভিযানেৰে ব্ৰহ্মপুত্ৰ নদীৰ ৫ টা চাপৰি আৰু ৩ খন গাঁৱৰ মুঠ ৩,৩৭৬ টা গৰু ম’হক প্ৰতিষেধক প্ৰদান কৰে।

বোকাখাত মহকুমা পশু চিকিৎসা বিভাগৰ বিশেষ সহযোগত বোকাখাত বনাঞ্চলৰ ভক্তে চাপৰিত ২৪২ টা, গাভৰু চাপৰিৰ ৭২৭ টা লালুং চাপৰিৰ ৭৪৪ টা, বিলতীয়া চাপৰিৰ ৩৬৬ টা, চহলা গাঁৱৰ ৪২১ টা, শিশুবাৰীৰ ৫২২ টা আৰু ধোবাআটি গাঁৱৰ ৩৫৪ টা গৰু-ম’হক প্ৰতিষেধক প্ৰদানৰ কাম সমাপ্ত কৰিছে উদ্যান কৰ্তৃপক্ষই।

নদীৰ চাপৰি বোৰত নিশা কটায় প্ৰতিষেধক প্ৰদানৰ কাম সম্পাদন কৰা দলটোত বোকাখাত মহকুমা পশু চিকিৎসা বিভাগৰ ডাঃ জানমনি শ্যাম, ডাঃ চৈয়দ মেহতাজ, ডাঃ বিশ্বজিত বৰুৱা, ডাঃ প্ৰণিতা কোঁৱৰ, ডাঃ দেৱব্ৰত ফুকন, ডাঃ অম্লান ফুকন আৰু দীপজ্যোতি হাঞ্চেৰ লগতে বিভাগটোৰ ক্ষেত্ৰ সহায়ক, গোপাল মিত্ৰ আৰু মৈত্ৰী সেৱক সকলে সহযোগ কৰে।

সমন্বয়ক হিচাপে দলটোৰ নেতৃত্ব দিয়ে গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন তথা বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াই।

জনসাধাৰণৰ পশুধন কল্যানৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ কৰা এই প্ৰতিষেধক প্ৰদানৰ বাবে বিশ্ব প্ৰকৃতি নিধিৰ তৰফৰ পৰা ঔষধৰ যোগান ধৰা হয়।

ট্ৰায়’ ভেক নামৰ এই ঔষধে জহৰ বাত, গল ফুলা আৰু নামৰ ৰোগৰ পৰা পশুধনক প্ৰতিৰক্ষা দিব বুলি বিভাগীয় তথ্যত প্ৰকাশ।

উল্লেখ্য যে ২০১৭ চনৰ পৰা ধাৰাবাহিকভাৱে কাজিৰঙাৰ কাষৰীয় গাঁও আৰু চাপৰিবোৰত এই অভিযান চলাই আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই।

ইয়াৰ দ্বাৰা কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাই নহয় কাষৰীয় গাঁৱৰ জনসাধাৰণৰ পশুধনো সংক্ৰমিত ৰোগৰ পৰা সুৰক্ষিত হৈছে বুলি জনাইছে কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd